অসম

assam

ETV Bharat / state

গণশিল্পী সূৰ্য দাসলৈ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্পী সন্মান - Assam Sahitya Sabha - ASSAM SAHITYA SABHA

Assam Sahitya Sabha to Bishnu Rabha Award : পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিব বিষ্ণু ৰাভা শিল্পী সন্মান । এইবাৰ এই সন্মানৰ বাবে বাছনি কৰা হৈছে গণশিল্পী সূৰ্য দাসক । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্র জিৎ শৰ্মাই এই ঘোষণা কৰে ।

Assam Sahitya Sabha to Bishnu Rabha Award
অসম সাহিত্য সভাই প্ৰদান কৰিব বিষ্ণু ৰাভা শিল্পী সন্মান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:53 PM IST

ৰঙাপৰা, ৩ জুন : অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত শিল্পী সন্মান । আগন্তুক বিষ্ণু ৰাভা দিৱসত এই সন্মান প্ৰদান কৰা হ'ব । এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্র জিৎ শৰ্মাই ।

অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্পী সন্মান ঘোষণা (ETV Bharat Assam)

উল্লেখ্য যে অসম সাহিত্য সভাই এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক স্মৃতি দিৱসটি শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মিছামাৰী শাখা সাহিত্য সভাৰ (শতদল) সহযোগত অহা ১৯ আৰু ২০ জুনত বৰ্ণাঢ্য কাৰ্যসূচীৰে মিছামাৰীত অনুষ্ঠিত কৰিব । এই দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ মিছামাৰীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি এই বঁটা প্ৰদানৰ কথা উল্লেখ কৰে ।

অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বিষ্ণু ৰাভা শিল্পী সন্মান এইবাৰ প্ৰদান কৰিব গণশিল্পী সূৰ্য দাসক । এই কথা ঘোষণা কৰি প্ৰধান সম্পাদকগৰাকীয়ে কয়, "অসম সাহিত্য সভাই এই বর্ষটি সন্মান প্ৰদানৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে । বিভিন্ন পৰ্যায়ত এই সন্মান অসম সাহিত্য সভাই প্ৰদান কৰি আহিছে । বিগত সময়ছোৱাত জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা শিল্পী সন্মান প্ৰদান কৰা হৈছে ।"

তেওঁ লগতে কয়, "অসম সাহিত্য সভাই ইতিমধ্যে হাস্য-ব্যংগ সাহিত্য সন্মানো প্ৰদান কৰিছে । এইবেলি অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে কলাগুৰ বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্মান প্ৰদান কৰা হ'ব অসমীয়া জাতীয় জীৱনৰ স্বাভিমান সুদীর্ঘদিন ধৰি ৰখা, জাতীয় জীৱন ৰক্ষাৰ কৰাৰ স্বাৰ্থত কাৰো লগত আপোচ নকৰা, জাতিটো জাগ্ৰত কৰাৰ বাবে চিন্তা-চৰ্চা কৰি অহা, দুর্যোগত পৰা জাতিটোক ৰক্ষা কৰিবলৈ সংগীতৰ আশ্ৰয় লোৱা গণশিল্পী সূৰ্য দাসক ।"

প্রধান সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে গণশিল্পী সূৰ্য দাসলৈ অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেজপুৰ অঞ্চলটো সংস্কৃতিৰ বৰঘৰ আৰু তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশেষ অৱদান আছে । আনহাতে, নগাঁৱৰ কামপুৰত জন্মলাভ কৰা গণশিল্পী সূৰ্য দাসে ৮৪ বছৰ বয়সতো ভাগৰি পৰা নাই । সদায় জাতিটোক ৰক্ষা আৰু উদ্ধাৰৰ বাবে তেখেতে কাম কৰি গৈছে । সেয়ে তেওঁক এই সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :অভিনেতা অৰূপ বৈশ্যৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? - Arup Baishya Interview

ABOUT THE AUTHOR

...view details