অসম

assam

ETV Bharat / state

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত অসম ৰাইফলছৰ ভূমিকা প্ৰশংসনীয়:লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰ - Assam Rifles - ASSAM RIFLES

Assam Rifles: শ্বিলঙত অনুষ্ঠিত হৈছে বিশেষ সৈনিক সন্মিলন । অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে বাহিনীৰ কাৰ্যকলাপৰ প্ৰশংসা কৰে । মণিপুৰত অসম ৰাইফলছৰ পদক্ষেপৰো প্ৰশংসা কৰে ।

Assam Rifles
শ্বিলঙত বিশেষ সৈনিক সন্মিলন (Assam Rifles)

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 3:13 PM IST

নেশ্যনেল ডেস্ক,২৯ জুলাই :মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে সেনাকে ধৰি বিভিন্ন নিৰাপত্তা বাহিনীৰ গোটে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ ভিতৰত অন্যতম অসম ৰাইফলছ । অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে (পিভিএছএম, এভিএছএম, ৱাইএছএম, পিএইচডি, পিএইচডি) কয় মণিপুৰত বিভিন্ন স্বাৰ্থ থকা ব্যক্তি বা গোটৰ ভুল প্ৰচাৰৰ পিচতো অসম ৰাইফলছৰ বাহিনীৰ অক্লান্ত প্ৰচেষ্টা অব্যাহত আছে । এক বিবৃতিত অসম ৰাইফলছৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল ৰোহন মহাজনে কয়, "জোৱানসকলে পেছাদাৰীভাৱে হিংসা নিয়ন্ত্ৰণ কৰাই নহয় ৰাজ্যখনৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰন্তৰ আৰু দৃঢ় প্ৰচেষ্টাৰ বাবে অসম ৰাইফলছৰ সঞ্চালক প্ৰধানে প্ৰশংসা কৰে ।"

শ্বিলঙত বিশেষ সৈনিক সন্মিলন (Assam Rifles)

শ্বিলঙত বিশেষ সৈনিক সন্মিলন :

৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিব লগা লেফটেনেণ্ট জেনেৰেল নায়াৰে সোমবাৰে শ্বিলঙত বিশেষ সৈনিক সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলত এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ অটল সমৰ্পণৰ বাবে বাহিনীৰ বিষয়া আৰু লোকসকলক প্ৰশংসা কৰে । তেওঁলোকৰ দৃঢ় সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি লেফটেনেণ্ট জেনেৰেল নায়াৰে উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰ দুয়োটা অঞ্চলতে ৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ ক্ষেত্ৰত অসম ৰাইফলছে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।

শ্বিলঙত বিশেষ সৈনিক সন্মিলন (Assam Rifles)

লেফটেনেণ্ট জেনেৰেল নায়াৰে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত সৈন্য বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত ব্যতিক্ৰমী নেতৃত্ব আৰু নিস্বাৰ্থ ভক্তিক প্ৰশংসা কৰে । তেওঁ মণিপুৰত বাহিনীৰ অক্লান্ত প্ৰচেষ্টাৰ কথা স্বীকাৰ কৰে । তেওঁ বিষয়া আৰু জোৱানসকলক কেৱল পেছাদাৰীভাৱে হিংসা নিয়ন্ত্ৰণ কৰাই নহয়, ৰাজ্যৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰন্তৰ আৰু দৃঢ় প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ।

অসম ৰাইফলছৰ ভূমিকা :

সেনা বাহিনীৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি লেফটেনেণ্ট জেনেৰেল নায়াৰে প্ৰতি বছৰে ২৩ মাৰ্চত ভেটাৰেন্স দিৱস আৰম্ভ কৰাৰ তাৎপৰ্য উল্লেখ কৰে । প্ৰবীণসকলৰ বীৰত্ব আৰু একক ত্যাগক স্বীকৃতি দিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ বাহিনীৰ সকলো সাহসী লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অধিক সফলতা আৰু গৌৰৱ অৰ্জনৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহৰ বাবে সকলো পদবীৰ প্ৰতি গভীৰ প্ৰশংসা প্ৰকাশ কৰে ।

লেফটেনেণ্ট জেনেৰেল নায়াৰে উত্তৰ-পূৰ্বাঞ্চলত জেনেৰেল লাখেৰাৰ বিস্তৃত অভিজ্ঞতাৰ ফলত বাহিনীটো যথেষ্ট লাভান্বিত হ'ব বুলি বিশ্বাস ব্যক্ত কৰি লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰালৈ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা হ'ব অসম ৰাইফলছৰ পৰৱৰ্তী সঞ্চালক প্ৰধান ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছে পাকিস্তানী সেনাৰ এছএছজি কমাণ্ডো ! - Former DGP on terrorist attack

ABOUT THE AUTHOR

...view details