গুৱাহাটী, ২০ আগষ্ট :কলকাতাৰ বৰ্বৰ কাণ্ডৰ প্ৰসংগৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, "কলকাতাৰ ঘটনাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কৈছিল যে অসমত নাৰী নিৰ্যাতনৰ ক্ষেত্রত তেওঁ লগে লগে পদক্ষেপ গ্ৰহণ কৰে আৰু যাৰ বাবে বিৰোধীয়ে বেয়া পায় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদায়ে নিজকে আইনৰ ঊৰ্ধ্বত বুলি ভাবে আৰু তেওঁ নিজৰ হাতত আইন ৰাখিব বিচাৰে ।"
কংগ্ৰেছ নেতাগৰাকীৰ দাবী, "হিমন্ত বিশ্ব শৰ্মাই কোৱা বেআইনী কথা আৰু কৰা বেআইনী কামৰ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিৰোধিতা কৰিবই । কোনো বেআইনী কামক আমি হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ভাল পাব নোৱাৰো । আমি প্ৰতিটো বেআইনী কামৰ বিৰোধিতা কৰি যাম ।"
বিজেপি দলতে নাৰী নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয়, "মুখ্যমন্ত্রীয়ে কৈছিল যে নাৰী নিৰ্যাতন হ'লে তেখেতে হিচাপ লয় আৰু বিৰোধীয়ে বেয়া পায় । হয়, মুখ্যমন্ত্রীৰ বহু কথা আমি বেয়া পাওঁ । কিন্তু আমি বেয়া নাপালোহেতেন, যদিহে বশিষ্ঠ থানাত বিজেপি নেত্রী এগৰাকীয়ে বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে দিয়া গোচৰৰ ওপৰত কুইক একচন ল'লেহেঁতেন । যদিহে ইন্দ্ৰাণী তহবিলদাৰৰ দৰে জ্যেষ্ঠ বিজেপি নেত্রী এগৰাকীয়ে আত্মহত্যা কৰা ঘটনাৰ কাৰণ পোহৰলৈ অহাৰ পিছত জঘন্য বিজেপি নেতাৰ বিৰুদ্ধে কুইক একচন তথা হিচাপ লোৱা হ'লে আমি বেয়া নাপালোঁহেঁতেন । গোৱালপাৰাত বিজেপি নেত্রীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ ক্ষেত্রত কুইক একচন লোৱা হ'লে আমি বেয়া নাপালোহেঁতেন ।"