অসম

assam

ETV Bharat / state

অনুপ্ৰৱেশৰ চেষ্টা; কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক

Bangladeshi national apprehended: কৰিমগঞ্জ জিলাত অসম আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক । অনুপ্ৰৱেশৰ চেষ্টা চলোৱা লোকজনক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালে আৰক্ষীয়ে ।

By ANI

Published : 4 hours ago

Bangladeshi national apprehended
কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক (ANI)

কৰিমগঞ্জ :অনুপ্ৰৱেশ অসমৰ এক দীৰ্ঘদিনীয়া সমস্যা । প্ৰায়ে অসমৰ সীমান্তৱৰ্তী জিলাসমূহত অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈ আহিছে । সীমান্তৰ মাজেৰে বাংলাদেশী নাগৰিকে অসমৰ প্ৰৱেশৰ বাবে বিভিন্ন কৌশলো গ্ৰহণ কৰে । অৱশ্যে অসম আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ তৎপৰতাত তেনে বহু অনুপ্ৰৱেশৰ চেষ্টা বিফল হৈ আহিছে ।

এইবাৰ পুনৰ কৰিমগঞ্জ জিলাত অনুপ্ৰৱেশৰ চেষ্টা কৰি আটক এজন বাংলাদেশী নাগৰিক । অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এজন বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰিছে আৰু পিছত বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে ।

এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, "কৰিমগঞ্জ জিলাত এজন অনুপ্ৰৱেশকাৰীক আটক কৰি অসম আৰক্ষীয়ে বাংলাদেশলৈ প্ৰেৰণ কৰে । অভিযুক্তজনক মহম্মদ আৰিফ বুলি চিনাক্ত কৰা হৈছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "ইণ্ডো-বাংলাদেশ সীমান্তত এনে ধৰণৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ আমাৰ জোৱানসকল সম্পূৰ্ণ সতৰ্ক ।" ইয়াৰ পূৰ্বে ৯ অক্টোবৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অসম আৰক্ষীয়ে যোৱা দুমাহত মুঠ ১২৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰচেষ্টা বিফল কৰিছে ।

অক্টোবৰত কেইবাটাও অনুপ্ৰৱেশৰ ঘটনা :

ইয়াৰ পূৰ্বে ২ অক্টোবৰত সীমান্ত সুৰক্ষা বাহিনীৰ মেঘালয় বিভাগে দালুৰ ফালৰ পৰা পুৰাখাচিয়া অভিমুখে এখন অটো ৰিক্সাত যাত্ৰা কৰি থকা ৫ জন বাংলাদেশী নাগৰিকক আটক কৰে । বিএছএফ পিআৰঅ'য়ে কয়, "২ অক্টোবৰত বিএছএফৰ এটা দলে কিছু দূৰত এখন অটো ৰিক্সা ৰৈ থকা দেখিছিল । ৫ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক বাহিৰলৈ ওলাই আহিছিল আৰু পলাই যাবলৈ চেষ্টা কৰিছিল । তেওঁলোকক খেদি খেদি ধৰা হৈছিল ।"

পিছত জানিব পৰা গৈছিল যে বাংলাদেশী নাগৰিকসকল তামিলনাডুৰ চেন্নাইৰ পৰা আহিছিল, য'ত তেওঁলোকে এটা পোছাক কাৰখানাত কাম কৰি আছিল আৰু অবৈধভাৱে বাংলাদেশলৈ প্ৰৱেশৰ চেষ্টা চলাইছিল । পিছত, আটক কৰা লোকসকলক পশ্চিম গাৰো হিলছ জিলাৰ আৰক্ষী চকী দালুক গতাই দিয়া হয় । একেদৰে ১ অক্টোবৰত অসম আৰক্ষীয়ে ৰাজ্যখনৰ দক্ষিণ শালমৰা আৰু কৰিমগঞ্জ জিলাত ১৪ জন বাংলাদেশী নাগৰিকক আটক কৰিছিল ।

লগতে পঢ়ক :গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details