বিলাসীপাৰা, ১৬ মে':বিহাৰত গংগা নৈত গা ধুবলৈ গৈ মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ক বিলাসীপাৰাৰ বাসভৱনত সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । বৃহস্পতিবাৰে মিণ্টু ৰায়ৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰে ।
বিলাসীপাৰাৰ সন্তান তথা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ে বিহাৰত লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ গৈছিল । মঙলবাৰে দুই সতীৰ্থৰ লগত গা ধুবলৈ গৈছিল ৰাজ্যখনৰ সমষ্টিপুৰৰ গংগা নদীত । গা ধুই থাকোতেই তিনিওজন জোৱান গংগাৰ ঘূলিত পৰি যায় । কাষতে থকা নাৱৰীয়াই দুজনক জীৱন্তে উদ্ধাৰ কৰে যদিও মিন্টুক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ।
বুধবাৰে এন ডি আৰ এফে অভিযান চলাই ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰে । বৃহস্পতিবাৰে ৰায়ৰ নশ্বৰদেহ বিলাসীপাৰাৰ ৯ নং ৱাৰ্ডৰ বাসভৱনলৈ অনাৰ লগে লগে এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয় । যুৱকজনৰ আত্মীয় স্বজনৰ লগতে গাঁওবাসীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । জোৱানজনক অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰে ।