ডিব্ৰুগড়, ১৮ আগষ্ট :আলফা (স্বাঃ)ৰে চৰকাৰৰ যোগাযোগ চলি থকাৰ মাজতে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫টা স্থানত বোমা স্থাপন কৰি নিজৰ অস্তিত্ব প্ৰমাণিত কৰিলে নিষিদ্ধঘোষিত সংগঠনটোৱে ৷ ৰাজ্যজুৰি আলফা স্বাধীনৰ বিশেষ তৎপৰতাৰ পিচতে অধিক তৎপৰ হৈছে অসম আৰক্ষী ৷
আলফা স্বাধীনে সংস্থাপন কৰা বোমা বিচৰাৰ সমান্তৰালভাৱে সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ ৰোধ কৰাৰ বাবে জিলাই জিলাই আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ শনিবাৰে শিৱসাগৰত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিচত দেওবাৰে ডিব্ৰুগড় আৰক্ষীৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে ।
দেওবাৰে পুৱা ডিব্ৰুগড়ৰ দৌলত সিং নেগী গেষ্ট হাউছৰ সভাকক্ষত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিত বহু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ আলোচনা অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে লেপেটকতাস্থিত BCPLৰ প্ৰশাসনিক ভৱনত উজনি অসমৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকী ৷
উক্ত বৈঠকত সিঙৰ লগতে, আইজিপি (প্ৰশাসন) পাৰ্থসাৰথি মহন্ত, আই জি পি (উত্তৰ-পূব অঞ্চল) সত্যৰাজ হাজৰিকাৰ উপৰিও ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু শদিয়া জিলাৰ আৰক্ষী অধীক্ষক আৰু এছপি-ইন-চাৰ্জসকল উপস্থিত থাকে । আলফা স্বাধীনে অসমৰ বিভিন্ন স্থানত সংস্থাপন কৰা বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তদন্তৰ বিষয়ে পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে ।