গুৱাহাটী, ২৭ ছেপ্টেম্বৰ:ভাৰত চৰকাৰৰ কঠোৰ স্থিতিৰ পিচতো চুবুৰীয়া দেশ বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ ঘটিয়েই আছে । শেহতীয়াভাৱে ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত অবৈধ বাংলাদেশীৰ প্ৰৱেশৰ সংখ্য়া বৃদ্ধি পাইছে । কেন্দ্ৰীয় চৰকাৰৰ অনুপ্ৰৱেশকাৰীক সকীয়নি দিয়াৰ পিছতো একাংশ দালালৰ সহযোগত ভাৰতত বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিয়েই আছে । বিগত কেইবাদিনত সীমান্তত আটক হৈছে কেইবাজনো অনুপ্ৰৱেশকাৰী ।
বাংলাদেশৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰা ৩ জন অনুপ্ৰৱেশকাৰীক অসম আৰক্ষী আটক কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে 'এক্স'ৰ জৰিয়তে এই কথা সদৰী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে 'এক্স'ত কয়," ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখি অসম আৰক্ষীৰ দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ মাছুম খান, ইকবাল হুছেইন আৰু মুজানুৰ ৰহমান নামৰ বাংলাদেশী নাগৰিককেইজনক পাছত বাংলাদেশলৈ ওভতাই পঠিওৱা হয় ।"
৫৪ জন অনুপ্ৰৱেশকাৰীক কৰায়ত্ত
মন কৰিবলগীয়া যে ৰাজ্যৰ ৰাজনৈতিক (খ) বিভাগে জাৰি কৰা শেহতীয়া নিৰ্দেশনাত উল্লেখ হৈছে যে যোৱা জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত ৫৪ জন অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰা হৈছে । ইয়াৰে ৪৫ জনক সীমা পাৰ কৰি তেওঁলোকৰ দেশলৈ প্ৰেৰণ কৰা হৈছে আৰু ৯ জনক কৰিমগঞ্জত গ্রেপ্তাৰ কৰা হৈছে । ইয়াৰ লগতে ৰাজ্যখনত বিশেষকৈ উজনি অসম আৰু উত্তৰ অসমৰ জিলাকেইখনত সন্দেহজনক বিদেশীৰ উপস্থিতি ধৰা পৰিছে ।