গুৱাহাটী :উপ-নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনো কংগ্ৰেছ দলে অকলে খেলাৰেই ইংগিত দিছে । বৃহস্পতিবাৰে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনত মিত্রতাৰ ক্ষেত্রত বহুত জটিলতা আছে ।
ৰাজ্যিকভিত্তিত মিত্ৰতা সম্ভৱ নহয়
তেওঁ কয়, "সমষ্টি ভিত্তিত আমি বুজাপৰা কৰিবলৈ চেষ্টা কৰিম । কিন্তু অসমভিত্তিক আমি বহি পঞ্চায়তৰ আসন ভাগ-বটোৱাৰা কৰাটো সম্ভৱ নহয় । বিজেপিৰ পক্ষেও অগপৰ লগত সম্ভৱ নহ'ব । কৰিব নোৱাৰে, টেকনিকেল অসুবিধা আছে । পঞ্চায়ত নিৰ্বাচনত এলায়েন্স কৰাত আমাৰো সমস্যা আছে । যদি মোৰ মনো আছে তেন্তে জিলা পৰ্যায়ত বহি কৰিব লাগিব । জিলাবোৰক আমি কম যে বিজেপি বিৰোধী সমভাৱ সম্পন্ন দলৰ সৈতে যদি আমাৰ জিলাসমূহে ক'ৰবাত বুজাপৰা কৰে কৰিব পাৰিব । সেইটো মই ভাবি থৈছো । এতিয়াই মই সঠিকভাৱে ক'ব নোৱাৰো । কাৰণ আমি এতিয়া মিত্রতাত নাই ।"
পঞ্চায়ত নিৰ্বাচনত মিত্রতাৰ ক্ষেত্রত বহুত জটিলতা আছে (ETV Bharat) ৩০ নৱেম্বৰৰ ভিতৰত ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক
নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত তেওঁ কয়, "আমি ৩০ নৱেম্বৰৰ ভিতৰত আমাৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত কৰিম । এই বৈঠক এইবাৰ ধেমাজিত দিয়াৰ কথা ভাবিছো । য'ত পঞ্চায়ত নিৰ্বাচন আৰু সম্ভাৱ্য কেইবাটাও কাউন্সিলৰ নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব । লগতে উপ-নিৰ্বাচনৰ পৰ্যালোচনাও কৰিম ।"
তেওঁ লগতে কয়, "পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ বাবে মই চৰকাৰক আহ্বান জনাইছো । বহুত দিনৰ পৰা চোঁচৰাই আছে । হাৰিয়ানাত বিজেপি পৰাজিত হ'লে অসমত উপ-নিৰ্বাচন নহ'লহেঁতেন । কাৰণ মুখ্যমন্ত্রীয়ে পাল পতিছিলে যে কেনেকৈ উপ-নিৰ্বাচন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল । মই আহ্বান জনাইছো মুখ্যমন্ত্রীয়ে পাৰিলে কাইলৈকে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক ।"
লগতে পঢ়ক :এক লাখ EVM যোগাৰ কৰাটো সহজসাধ্য নহয়; বেলটতে হ’ব পঞ্চায়ত নিৰ্বাচন