অসম

assam

ETV Bharat / state

উমৰাংছ'ৰ ঘটনাক লৈ দুখ প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ - UMRANGSO COAL MINE TRAGEDY

উমৰাংছ'ৰ কয়লাখনিৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা প্ৰাক্তন খনি আৰু খনিজ মন্ত্ৰী যোগেন মহনৰ ।

Umrangso Coal Mine Tragedy
উমৰাংছ'ৰ ঘটনাক লৈ দুখ প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 7 hours ago

ডিব্ৰুগড় :উমৰাংছ'ৰ কয়লাখনিৰ ঘটনাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে । এতিয়াও কয়লাখনিত উদ্ধাৰ অভিযান অব্যাহত আছে । তাৰ মাজতে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিলে অসম চৰকাৰৰ খনি আৰু খনিজ বিভাগৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ অসম চৰকাৰৰ পৰিবহণ, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ঘটনাটোৰ পাছতে অসম চৰকাৰৰ নতুন খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী আৰু শ্ৰমমন্ত্ৰী দুইজনেই ঘটনাস্থলীত থাকি ঘটনাৰ তদন্ত কৰিছে । এই ঘটনাক লৈ মৰ্মাহত হৈছো আমি । এনেকুৱা দুৰ্ঘটনা হোৱাটো নিবিচাৰো । এতিয়াৰে পৰা বিভাগটো সতৰ্ক হ'ব আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ।"

উমৰাংছ'ৰ ঘটনাক লৈ দুখ প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ (ETV Bharat)
  • ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত বিক্ৰী কৰিব নোৱাৰিব সুৰা :

ৰাজ্য চৰকাৰ পৰিবহণ বিভাগে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । শেহতীয়াকৈ নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰীৰ সৈতে ৰাজ্যখনৰ পৰিবহণ বিভাগটোৰ সম্পৰ্কত এক আলোচনাত মিলিত হয় মন্ত্ৰী যোগেন মহন ।

এই বৈঠকৰ বিভিন্ন সিদ্ধান্ত সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয়, "দুৰ্ঘটনামুক্ত অসমৰ ক্ষেত্ৰত কি কি পদক্ষেপ গ্ৰহণ কৰা হ'ব তাৰ পৰিকল্পনা কৰা হৈছে । সমগ্ৰ দেশৰ ভিতৰতে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত অসম আগবাঢ়ি আছে । এই মাহটো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হ'ব । এই মাহটোত জিলাই জিলাই পথ দুৰ্ঘটনাৰ পৰ্যালোচনা কৰা হ'ব । এতিয়াৰে পৰা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত সুৰা বিক্ৰী কৰিব নোৱাৰিব । সুৰাৰ বিৰুদ্ধে অভিযান চলিব প্ৰতিখন ধাবাত । হেলমেট নিপিন্ধাকৈ বাইক চলাব নোৱাৰিব । গাঁৱে-ভূঞে যাতে ক'তো দুৰ্ঘটনা নঘটে তাৰ বাবে প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে ।"

  • মৰাণত বাণিজ্য মেলাৰ আয়োজন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লগতে ডিব্রুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত মৰাণৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত বৃহস্পতিবাৰৰ পৰা ১৩ জানুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে ক্ষুদ্ৰ, মজলীয়া আৰু লঘু ঔদ্যোগিক ‘‘বাণিজ্য মেলা’’ৰ । বৃহস্পতিবাৰে সন্ধিয়া এই বাণিজ্যিক মেলা আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী যোগেন মহনে ।

এই বাণিজ্য মেলাত প্রদর্শনী আৰু বিক্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে বিভিন্ন প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । বাণিজ্য মেলাত মুঠ ৬০ গৰাকী স্থানীয় আৰু চুবুৰীয়া জিলাৰ উদ্যোগীক বিনামূলীয়াকৈ অংশগ্রহণ কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে । এই বাণিজ্য মেলাত স্থানীয় যুৱক-যুৱতীসকলক ব্যৱসায়িক দিশত সহায়ৰ বাবে বিভিন্ন বিভাগৰ দক্ষ আৰু সমল ব্যক্তিসকলৰ দ্বাৰা প্ৰশিক্ষণ প্রদান কৰা হ'ব ।

লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : পঞ্চমটো দিনত ভৰি দিলে উদ্ধাৰকাৰ্যই, ক্ৰমাৎ আশা কমি আহিছে আত্মীয়ৰ - UMRANGSO COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details