ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী - unemployment problem in Assam - UNEMPLOYMENT PROBLEM IN ASSAM
Unemployment rate in Assam: উদ্বেগজনকভাৱে অসমত বৃদ্ধি পাইছে নিবনুৱা সমস্যা ৷ কেৱল পঞ্জীয়নভুক্ত নিবনুৱাৰ পৰিসংখ্যাই দাঙি ধৰিছে ভয়াৱহ ছবি ৷ পঞ্জীয়নভুক্ত পি এইচ ডি নিবনুৱাই আছে ৭৭৫ গৰাকী ৷
জিলাভিত্তিত তথা নিয়োগ বিনিময় কেন্দ্ৰ অনুসৰি নিবনুৱাৰ সংখ্যা :
বঙাইগাঁও
৭৯৬১৪ গৰাকী
হাফলং
২১০০৫ গৰাকী
যোৰহাট
১২১৪৮৯ গৰাকী
নগাঁও
১১৪৯৭৩ গৰাকী
শিলচৰ
১২৬৪৮০ গৰাকী
বৰপেটা
১৭৬১৪৪ গৰাকী
ধেমাজি
৬৯৭৫৬ গৰাকী
ধুবুৰী
১১২২৩৬ গৰাকী
ডিব্ৰুগড়
৭১০৭০ গৰাকী
ডিফু
৩৯৪৬৬ গৰাকী
গোৱালপাৰা
৬৭০১০ গৰাকী
গোলাঘাট
৯২০১৭ গৰাকী
গুৱাহাটী
২৬২৮৬৪ গৰাকী
হাইলাকান্দি
৫৫৮৩২ গৰাকী
কৰিমগঞ্জ
৪৩৪৬৮ গৰাকী
কোকৰাঝাৰ
৭৬৬৩৫ গৰাকী
মঙলদৈ
৯১৬৪৫ গৰাকী
মৰিগাঁও
৫৪৬৮০ গৰাকী
নলবাৰী
১৬৪৫৪৭ গৰাকী
লখিমপুৰ
১৩৬১৩৩ গৰাকী
শিৱসাগৰ
৯২৯০১ গৰাকী
তেজপুৰ
৮৭৮০৯ গৰাকী
তিনিচুকীয়া
৩২৯০৮ গৰাকী
ডিগবৈ
২৬৭৮৫ গৰাকী
ডুমডুমা
৩২২৫৪ গৰাকী
গৰমপানী
১৬৭৭ গৰাকী
গোসাঁইগাঁও
২৪১৩৫ গৰাকী
হাটশিঙিমাৰী
১৯৫৫২ গৰাকী
হোজাই
৪৯৩৬৩ গৰাকী
নাজিৰা
১৪৯৫৫ গৰাকী
ৰামকৃষ্ণ নগৰ
১৬৯০৭ গৰাকী
ৰঙিয়া
৮০২৭৪ গৰাকী
শদিয়া
১০৬৩৪ গৰাকী
ধনশিৰি
১৭০০৬ গৰাকী
বিশ্বনাথ চাৰিআলি
৬৮৯০৭ গৰাকী
বোকাজান
১০৯২২ গৰাকী
দুলিয়াজান
৩৭৬১৭ গৰাকী
হামৰেন
২৩২০৯ গৰাকী
জাগীৰোড
১৯৫২৯ গৰাকী
জোনাই
১৯৯১১ গৰাকী
কলিয়াবৰ
২২২০৩ গৰাকী
মাজুলী
৩৩৮৮১ গৰাকী
মৰাণহাট
২৭১৩৬ গৰাকী
নামৰূপ
৩৫০৪৩ গৰাকী
পাথাৰকান্দি
১৫৭০৪ গৰাকী
সোণাৰি
২৭৭৪৯ গৰাকী
ওদালগুৰি
৭৭৮২৯ গৰাকী
উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যৱস্থা ডিজিটেল মাধ্যমলৈ উন্নীত কৰিছে । অনলাইন পঞ্জীয়ন ব্যৱস্থা হোৱাৰ পিচত নিবনুৱাৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছিল যদিও পঞ্জীয়ন নবীকৰণ হোৱাৰ পিচত ইয়াৰ সংখ্যা অধিক বৃদ্ধিহে পালে ।
ক'ভিডকালত অসমত বহুগুণে বৃদ্ধি পাইছিলনিবনুৱাৰ সংখ্যা :
ক’ভিডৰ সময়ছোৱাত ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি পাইছিল । কিন্তু বিগত সময়ত ক'ভিডকালৰ সংখ্যা কমিছে যদিও পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । অৰ্থনৈতিক ছাৰ্ভে অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্য অনুসৰি ২০১৯ চনত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী । ২০২০ চনত এই সংখ্যা আছিল ২০,৮০,৭৬৭ গৰাকী ।
আনহাতে ২০২১ চনত এই সংখ্যা আছিল ২২,০০,১২৫ গৰাকী । কিন্তু ২০২২ চনত প্ৰায় ১০ লাখ বৃদ্ধি হৈ এই সংখ্যা হৈছিল ৩২,৩৪,৭৩৮ গৰাকী । অৱশ্যে ক'ভিডৰ প্ৰভাৱৰ বাবে নিবনুৱাৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যখনত পুনৰ ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । চৰকাৰে জনতাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে যদিও ভয়াৱহ হাৰত নিবনুৱা সমস্যা বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ।
ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা নিবনুৱাৰ সংখ্যা তথা শিক্ষিত নিবনুৱাৰ ছবিখন অত্যন্ত দুখজনক । তাৰপিচতো ৰাজ্য চৰকাৰৰ সংস্থাপনৰ ক্ষেত্ৰত নাই কোনো বিশেষ ভূমিকা । কেৱল এক লাখ চাকৰি দিয়াৰ কথা কৈয়ে চৰকাৰখনে দায়িত্ব সামৰিছে ।