লখিমপুৰ/হোজাই, 10 মে’ : লখিমপুৰত দহ সহস্ৰাধিক শিক্ষার্থীয়ে পাৰ কৰিলে উচ্চতৰ মাধ্যমিকৰ দেওনা । বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । লখিমপুৰ জিলাত এইবাৰ এই পৰীক্ষাত দহ সহস্ৰাধিক শিক্ষার্থী বিভিন্ন বিভাগত উত্তীৰ্ণ হয় । জিলাখনত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল ১১ হেজাৰ ৬৯৯ জন শিক্ষার্থী । ইয়াৰে ১০ হেজাৰ ৮৫৭ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয় । জিলাখনত এইবাৰ এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হ’ল ৯২.৮ শতাংশ ।
উল্লেখ্য যে, এইবাৰ লখিমপুৰ জিলাখনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱা সকল হ’ল-
কলা শাখাত উত্তীৰ্ণ শিক্ষার্থী
- ৯ হেজাৰ ৮৮ জন শিক্ষার্থীৰ ১ হেজাৰ ৯৭৯ জন প্ৰথম বিভাগ
- ৪ হেজাৰ ১৪ জন দ্বিতীয় বিভাগ
- ২ হেজাৰ ৫৭৮ জন শিক্ষার্থী তৃতীয় বিভাগ
তেনেদৰে বিজ্ঞান শাখাত উত্তীৰ্ণ শিক্ষার্থী
- ২ হেজাৰ ২০২ জন শিক্ষার্থীৰ ৭৬৮ জন প্ৰথম বিভাগ
- ৭৯৪ জন দ্বিতীয় বিভাগ
- ৩৬৬ জন শিক্ষার্থী তৃতীয় বিভাগ
বাণিজ্য শাখাত উত্তীৰ্ণ শিক্ষার্থী
- ৩৯৮ জন শিক্ষার্থীৰ ৮৪ জন প্ৰথম বিভাগ
- ১৬৪ জন দ্বিতীয় বিভাগ
- ১০০ জন তৃতীয় বিভাগ
বৃত্তিমুখী শিক্ষাত উত্তীৰ্ণ শিক্ষার্থী
- ১১ জন শিক্ষার্থীৰ ১ জন প্ৰথম বিভাগ
- ৬ জন দ্বিতীয় বিভাগ
- ৩ জন তৃতীয় বিভাগ
ঘোষিত ফলাফল অনুসৰি জিলাখনত কলা শাখাত ৮ হেজাৰ ৫৭১ জন, বিজ্ঞান শাখা ত ১ হেজাৰ ৯২৮ জন, বাণিজ্য শাখাত ৩৪৮ জন আৰু বৃত্তিমুখী শিক্ষা শাখাত ১০ জন শিক্ষার্থী উত্তীৰ্ণ হয় । আনহাতে, এই পৰীক্ষাত ৮৪২ গৰাকী শিক্ষার্থী অনুত্তীৰ্ণ হৈ ৰয় ।
হোজাই :-