অসম

assam

ETV Bharat / state

অৰুণোদয়ক ব্লেক মেইলিঙৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰে: অখিল গগৈ - AKHIL GOGOI SLAMS BJP GOVT

পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি গোলাঘাটত অখিল গগৈৰ মুকলি আহ্বান । অৰুণোদয়ক ব্লেক মেইলিঙৰ হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি অভিযোগ গগৈৰ ।

Akhil Gogoi appeal to all political parties to contest panchayat polls together
অৰুণোদয়ক ব্লেক মেইলিঙৰ হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে: অখিল গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গোলাঘাট:"শাসকীয় বিজেপি দলক পৰাভূত কৰিবলৈ হ'লে বিৰোধী ৰাজনৈতিক দলসমূহ আমি একত্ৰিত হ'বই লাগিব । ‌বিৰোধী ঐক্য মঞ্চত যি ১৬ টা ৰাজনৈতিক দল আছোঁ, ফেচিবাদী বিজেপি, সাম্প্ৰদায়িক বিজেপি, ভাগ-ভাগ কৰা বিজেপি, বাকৰুদ্ধ কৰা বিজেপিক পৰাভূত কৰিবলৈ হ'লে পঞ্চায়ত নিৰ্বাচন, পৌৰ সভাৰ নিৰ্বাচনত উমৈহতীয়া যুঁজ দিব লাগিব ।" অখিল গগৈ ।

শনিবাৰে গোলাঘাট নগৰত আয়োজন কৰা দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । কৰ্মী সভাৰ অন্তত তেওঁ কয়, "কংগ্ৰেছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যি অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে, বিধানসভাৰ উপ-নিৰ্বাচনৰ দৰে কংগ্ৰেছে এনে আত্মঘাতী সিদ্ধান্ত নল'ব । উপ-নিৰ্বাচনৰ দৰে ভুলৰ পুনাৰাবৃত্তি আৰু কংগ্ৰেছে নকৰিব । তেওঁলোকৰ প্ৰতি ই মোৰ বিনম্ৰ অনুৰোধ । বিজেপিক জিকাবৰ বাবে নিৰ্বাচনত যিসকলে সুযোগ আনি দিব বিচাৰে, সেইসকলক মই কোৱা নাই । কিন্তু বিজেপিক যিসকলে পৰাভূত কৰাতো বিচাৰে, সকলো বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক দলক কৈছোঁ, আহক আমি একলগ হওঁ ।"

অৰুণোদয়ক ব্লেক মেইলিঙৰ হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে: অখিল গগৈ (ETV Bharat Assam)

অখিল গগৈয়ে লগতে কয়, "পঞ্চায়ত নিৰ্বাচনত কোনে কিমান আসন লাভ কৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু ২৬ ৰ নিৰ্বাচনৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত একতা দৃঢ় হ'ব ।" ঐক্যমঞ্চৰ আধাৰ ৰূপে পঞ্চায়ত নিৰ্বাচনটোক ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনা‌য় । অন্যহাতে অৰুণোদয় আঁচনি মহিলা সকলক ব্লেক মেইলিং কৰাৰ হাঠিয়াৰ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত বিশাল চৰকাৰী কাৰ্যসূচীত উপস্থিত থকাৰ সময়তে নগৰৰ মৈত্ৰী সংঘত আয়োজিত ৰাইজৰ দলৰ অংশ লৈ সাংবাদিকৰ সমুখত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আজি সোচ্চাৰ হৈ পৰে অখিল গগৈ ।

তেওঁ কয়, "অৰুণোদয় আঁচনিৰ নামত বিজেপি চৰকাৰে লেটেৰা ৰাজনীতি কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচত এতিয়া পাই থকা সকলৰো নাম কৰ্তন কৰি পুনৰ আবেদন জনোৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, ই ভোটৰ ব্লেক মেইলিঙৰ ৰাজনীতিৰ বাদে একো নহয় বুলি অভিযোগ কৰে ।" ইয়াৰোপৰি গগৈয়ে ৰেচন কাৰ্ড থকা অসমৰ সকলো মহিলাক অৰুণোদয় আঁচনিয়ে সামৰি ল'বলৈ তেওঁ দাবী জনায় ।

গোলাঘাট নগৰৰ মৈত্ৰী সংঘত আয়োজিত কৰ্মী সভাৰ জৰিয়তে অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলে গোলাঘাট জিলাত সাংগঠনিক আৰু ৰাজনৈতিক অভিযানৰ আনুষ্ঠানিকভাৱে পাতনি মেলে । গোলাঘাট জিলাত কৰ্মী বাহিনী গঠনেৰে সমষ্টি কেইটাত সাংগঠনিক তৎপৰতা আজিৰে পৰা বৃদ্ধি কৰিব । আজিৰ কৰ্মী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া, ৰাইজৰ দলৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক:২৪ ঘন্টাই বিদ্যুৎ যোগান; বিভাগীয় অভিযন্তাক বিশেষ পৰামৰ্শ শক্তিমন্ত্ৰী ফুকনৰ - SAFE POWER SUPPLY

আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে: মুখ্যমন্ত্ৰী - CM REACTS TO AKASH PHUKANS REMARKS

ABOUT THE AUTHOR

...view details