ETV Bharat / state

কলাক্ষেত্ৰত মননশীল আলোচনা চক্ৰত প্ৰতিফলিত ঐতিহ্য-সমাজ জীৱনৰ ছবি - PRAGJYOTISHPUR LITFEST 2024

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ত শনিবাৰে ৪ খন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ য'ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Pragjyotishpur LITFEST-2024
কলাক্ষেত্ৰত মননশীল আলোচনা চক্ৰত প্ৰতিফলিত ঐতিহ্য-সমাজ জীৱনৰ ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 3:34 PM IST

গুৱাহাটী : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ত শনিবাৰে ৪ খন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ "ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধান: প্ৰযুক্তি নিৰ্ভৰশীলতা" শীৰ্ষক আলোচনা চক্ৰ সঞ্চালনা কৰে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ ৰাখী কলিতা মৰলে ৷ তেওঁ কয় যে ঐতিহ্য হৈছে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা ইতিহাসৰ চানেকী ৷ সাংস্কৃতিক ঐতিহ্যৰ সন্ধান বা চিনাক্তকৰণ আৰু সংৰক্ষণ এটি গুৰুত্বপূৰ্ণ বিষয় ৷ ঐতিহ্যৰ এক বিশাল পৰিসৰ আছে ৷ মানুহৰ জীৱন যাত্ৰা, আচাৰ-ব্যৱহাৰ, খাদ্যাভাস, সামাজিকতাৰ অনুশীলন এই সকলোবোৰ আমাৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে সংপৃক্ত হৈ আছে ৷ এই সাংস্কৃতিক পৰিচয় ভাষাই নিৰ্মাণ আৰু বহন কৰে ৷ ভাষা হৈছে আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয়ৰ সমল ৷"

তেওঁ কয় যে প্ৰযুক্তি এতিয়া আৰু অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই ৷ গতিকে ঐতিহ্যৰ সংৰক্ষণত নিশ্চিতভাৱে প্ৰযুক্তিৰ ভূমিকা অপৰিহাৰ্য্য ৷ এই চক্ৰত মুখ্য সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ ডাঃ ধ্ৰুৱজ্যোতি বৰাই কয়,ঐতিহ্য মূলতঃ সংৰক্ষিত হৈ থাকে ভাষা আৰু শব্দৰ জৰিয়তে ৷ এয়াও মাতৃভাষাৰ জৰিয়তে সম্ভৱ ৷ উদাহৰণস্বৰূপে একেপাহ ফুলকে পৃথিৱীৰ বিভিন্ন ভাষাৰ মানুহে নিজৰ ভাষাৰে নামাকৰণ কৰে ৷ নিজৰ ভাষাত এনেদৰেই ঐতিহ্য সংৰক্ষিত হয় ৷ কিন্তু আমাৰ বাবে দুৰ্ভাগ্যৰ কথা এই যে ব্ৰিটিছে আমাৰ ওপৰত ইংৰাজী ভাষাটো এনেদৰে জাপি দিলে যে কেইবাটাও প্ৰজন্মই ইংৰাজীতে কথাবোৰ ভাবিবলৈ ল'লে ৷ ফলত আমাৰ স্বকীয় পৰিচয় গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ সম্প্ৰতি অসম জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনে মাতৃভাষাক সংৰক্ষণ আৰু চৰ্চাৰ সম্প্ৰসাৰণৰ আন্দোলন ফলপ্ৰসূভাৱে অব্যাহত ৰাখিছে ৷"

Pragjyotishpur LITFEST-2024
কলাক্ষেত্ৰত মননশীল আলোচনা চক্ৰত প্ৰতিফলিত ঐতিহ্য-সমাজ জীৱনৰ ছবি (ETV Bharat)

তেওঁ লগতে কয়,"মাতৃভাষাক এলাগী কৰি সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা অভিভাৱকসকলে এয়া অনুধাৱন কৰা উচিত ৷ জাতীয় ভাষা এটা নিৰ্মাণ কৰাটো অতি কষ্টকৰ আৰু দীঘলীয়া ভাষিক বিকাশৰ প্ৰক্ৰিয়া ৷ অসমীয়া ভাষাটোও এনেদৰেই গঢ়ি উঠিছে ৷ এই ভাষাইহে আমাৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে ৷ পৃথিৱীজুৰি ইয়াৰ ব্যাপ্তি ঘটিবলৈ হ'লে, বিশ্বজোৰা প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে সঠিকভাৱে ইয়াৰ সংৰক্ষণত প্ৰযুক্তিৰ ব্যৱহাৰ হ'ব লাগিব ৷ এই ব্যৱহাৰ হ'ব লাগিব নিৰ্ভুল যাতে চিৰদিনলৈ আমাৰ স্বকীয়তা অক্ষুণ্ণ হৈ থাকিব পাৰে ৷"

আন এগৰাকী সমল ব্যক্তি আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড৹ ভাস্কৰজ্যোতি শৰ্মাই কয় যে পৰিচয় নিৰ্ণয় কৰাটোৱে এটা জটিল প্ৰক্ৰিয়া ৷ এজন মানুহেই কেইবাটাও পৰিচয় বহন কৰে ৷ ঘৰৰ পৰিচয়, শিক্ষাানুষ্ঠানৰ পৰিচয়, কৰ্মক্ষেত্ৰৰ পৰিচয়, সামাজিক পৰিচয় ভিন্ন ৷ দৰাচলতে পৰিচয় আৰু সংস্কৃতি সদায়ে সংপৃক্ত হৈ থাকে ৷ এয়া পৃথক নহয় ৷ ঐতিহ্যৰ অনুভৱে সংস্কৃতি নিৰ্মাণ কৰে ৷ সংস্কৃতি আৰু ঐতিহ্যক এৰি পৰিচয় গঢ়ি উঠিব নোৱাৰে ৷ তেওঁ প্ৰসংগক্ৰমে ডিজিটেল সংৰক্ষণৰ কাৰিকৰী বিষয়ে উল্লেখ কৰি কয় যে সংৰক্ষণ কাগজত লিখিও কৰিব পাৰি ৷ বৰ্তমান প্ৰযুক্তিয়ে এয়া স্থায়িত্ব কৰিব পৰাকৈ সহজ কৰি দিছে ৷

একেদৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড৹ অৰূপ নাথ ৷ তেওঁ কয়,"কিছুমান ঐতিহ্য আমি প্ৰত্যক্ষ কৰো ৷ এইবোৰ ইতিহাসৰ স্মৃতিচিহ্ন ৷ কিন্তু কিছুমান চকুৰে নেদেখা ঐতিহ্য আছে যিবোৰ অনুভৱ কৰিব পাৰি ৷ উদাহৰণস্বৰূপে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ গীতৰ সুৰবোৰৰ কথা ক'ব পাৰি ৷ এইবোৰো আমাৰেই ঐতিহ্য ৷"

তেওঁ লগতে কয়,"ভাষা বা সংস্কৃতিৰ বৈচিত্ৰ্য আমাৰ পৰিচয়ৰ সংকট নহয়, এয়া আমাৰ সমলহে ৷ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষৰ পৰিচয় এই বৈচিত্ৰতাৰ ভেটিতে গঢ়ি উঠিছে ৷ প্ৰত্যেকেই নিজৰ ভাষাতে নিজৰ পৃথিৱীখন গঢ়ি তোলে ৷ সেয়ে পৃথিৱী একেখন কিন্তু ভাষা বহু ৷ ভাষাই আমাৰ সংস্কৃতি আৰু পৰিচয় নিৰ্মাণ কৰে ৷ মাতৃভাষা ভিত্তিক বহুভাষিক শিক্ষা ব্যৱস্থা এয়া সংৰক্ষণৰ বাবে অতি প্ৰয়োজনীয় ৷" সমজুৱাৰ ফালৰ পৰা ভাষাৰ সঠিক প্ৰয়োগৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট সাহিত্যিক ড৹ মালিনী গোস্বামীয়ে ৷

অসমৰ বৈচিত্ৰময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা

দ্বিতীয়খন আলোচনা চক্ৰৰ বিষয় হৈছে "অসমৰ বৈচিত্ৰময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা" ৷ এই অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট লেখক-গৱেষক,পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৷ তেওঁ কয়,"ব্ৰহ্মপুত্ৰ নদী অসমৰ আত্মা ৷ ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংপৃক্ত হৈ আছে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে অসম বা উত্তৰ-পূৰ্বাঞ্চল নামৰ বৃহৎ উপত্যকাটো সৃষ্টি কৰিছে ৷ আমাৰ সকলো বুৰঞ্জী কাৰ্যতঃ এই নদীয়ে নিৰ্মাণ বা নিৰ্ধাৰণ কৰিছে ৷ এই নদীৰ বুকুৰেই বিভিন্ন মানুহৰ প্ৰব্ৰজন ঘটিছিল ৷ সেইবাবেই আমাৰ সমাজ জাতি-জনজাতিৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ৷ আমাৰ বাণিজ্যিক আৰু সাংস্কৃতিক পৰিচয়ৰো আধাৰ মহাবাহু ব্ৰহ্মপুত্ৰ ৷"

ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট অভিযন্তা তথ লেখক-গৱেষক প্ৰদীপ ভূঞাই কয় যে অৰুণাচলত ১৪০ ৰো অধিক নদীবান্ধৰ চুক্তি হৈছে ৷ এয়া আমাৰ সভ্যতাৰ জীৱনীশক্তি লুইতখনৰ বাবে অশনি সংকেত ৷ এই বান্ধবোৰ হ'লে ব্ৰহ্মপুত্ৰ নদী আৰু এতিয়াৰ দৰে প্ৰৱাহমান হৈ থাকিবনে সেয়া সন্দেহৰ বিষয় ৷ ব্ৰহ্মপুত্ৰ ৰুদ্ধ হোৱা মানে আমাৰ জাতীয় জীৱনৰ গতিও ৰুদ্ধ হ'ব ৷ গংগাৰ দৰে ব্ৰহ্মপুত্ৰকো কেন্দ্ৰীয় চৰকাৰে এখন অন্যতম ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিলে হয়তো আমি ৰক্ষা পৰিব পাৰো ৷

ৰঙাপৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কয়,"অসমৰ সভ্যতা মানেই ব্ৰহ্মপুত্ৰ সভ্যতা ৷ ৰামায়ণ-মহাভাৰতৰ কালৰে পৰা এই নদী বৈ আছে ৷ প্ৰাচীন প্ৰাগজ্যোতিষপুৰক বিচাৰি গ'লে, প্ৰাচীন শক্তিপীঠ কামাখ্যাৰ ইতিহাস বিচাৰি গ'লে আমি ব্ৰহ্মপুত্ৰকে পাম ৷ আমাৰ ভৌগোলিক ইতিহাস, জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ইতিহাস, ভাষা-ধৰ্মৰ ইতিহাস সকলো ব্ৰহ্মপুত্ৰৰে উপহাৰ ৷ এই নদীয়ে বৃহত্তৰ অসমীয়া জাতিক গঢ়ি তুলিছে ৷"

পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰ: নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা

"পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰ: নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা" শীৰ্ষক তৃতীয়খন আলোচনা চক্ৰ সঞ্চালনা কৰে "দ্য আচাম ট্ৰিবিউন"ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ তেওঁ কয়, "ভাৰতীয় গণতন্ত্ৰৰ ৮০ বছৰ পূৰ্ণ কৰিবলৈ আৰু বেছি দূৰ বাট নাই ৷ এনে সময়ত চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ বিষয়ে এনেদৰে আলোচনা কৰিবলগীয়া হোৱাটো চিন্তাৰ বিষয় ৷ ১৭৮০ চনতে বেংগল গেজেটৰ জৰিয়তে ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ আনুষ্ঠানিক সূচনা হৈছিল ৷ সংবাদ মাধ্যমে দেশৰ স্বাধীনতা আন্দোলনতো সক্ৰিয় ভূমিকা পালন কৰিছিল ৷ অসমতো বাতৰি কাকত বা সংবাদ মাধ্যমৰ ইতিহাস চহকী ৷ আশা কৰিছো সংবাদ মাধ্যমে নিজৰ কৰ্মসূচীৰে এই চহকী ধাৰা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিব ৷"

তেওঁ লগতে কয়,"আমাৰ ভাষা-সাহিত্যৰ যুগ বাতৰি কাকত বা আলোচনীৰ নামেৰে দিয়া হৈছে ৷ যেনে- আৱাহন যুগ, ৰামধেনু যুগ, জোনাকী যুগ আদি ৷ অন্য দেশত শাসনকৰ্তা নাইবা ৰজা-ৰাণীৰ নামেৰে যুগৰ নামাকৰণ কৰা হয় ৷ ইয়াৰ পৰাই বুজিব পাৰি আমাৰ ৰাজ্যত বা দেশত সংবাদ পত্ৰৰ গুৰুত্ব কিমান ৷ আগতে পৰিৱৰ্তন লেহেমীয়া আছিল ৷ কিন্তু এতিয়া পৰিৱৰ্তন খৰতকীয়া ৷ বৈদ্যুতিন মাধ্যম, সামাজিক মাধ্যমেও সংবাদৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছে ৷ কিন্তু এই সক্ৰিয়তাৰ মাজত বিশ্বাসযোগ্যতা নাইবা নিৰ্ভৰযোগ্যতা কিমান এয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে ৷ সংবাদ মাধ্যমে প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱালেও গণতন্ত্ৰৰ অপকাৰ হ'ব ৷"

ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই কয়,"সংবাদ মাধ্যমৰ পৰিৱৰ্তন হৈছে, মঞ্চ সলনি হৈছে ৷ ছপাৰ পৰা বৈদ্যুতিন মাধ্যম আৰু তাৰো পাছৰ পৰ্যায়ত সামাজিক মাধ্যমলৈ এক দীঘলীয়া পৰিৱৰ্তনৰে যাত্ৰা ৷ কিন্তু সাংবাদিকতাৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়া সলনি নোহোৱাকৈ থাকিলে বিশ্বাসযোগ্যতা অক্ষুণ্ণ থাকিব ৷"

ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক-সাংবাদিক নৱ ঠাকুৰীয়া ৷ বিষয় প্ৰসংগত তেওঁ কয়,"প্ৰযুক্তিয়ে ছপা মাধ্যমলৈ প্ৰত্যাহ্বান অনাটো সঁচা ৷ সামাজিক মাধ্যমৰ তাৎক্ষণিক যোগাযোগৰ সুবিধাই এই প্ৰত্যাহ্বান আনিছে ৷ সমাজ, সভ্যতা, সংস্কৃতিৰ বিষয়ে অভিজ্ঞতা অৰ্জন অতি জৰুৰী ৷ ভাষাজ্ঞান সাংবাদিকতাৰ প্ৰাথমিক চৰ্ত ৷ এয়া ছপা আৰু বৈদ্যুতিন উভয় মাধ্যমৰ বাবে মুখ্য প্ৰয়োজনীয় কথা ৷ ভাষাজ্ঞান, তথ্যৰ বিশুদ্ধতা বিশ্বাসযোগ্যতাৰ আধাৰ ৷"

তেওঁ লগতে কয়,"ক'ভিড মহামাৰীৰ সময়তো ছপা মাধ্যমৰ বিস্তৰ ক্ষতি কৰিছে ৷ আনহাতে সামাজিক মাধ্যমত সত্যাসত্য নিৰূপণ নকৰাকৈ দিয়া যিকোনো খবৰেও সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক অৱনমিত কৰিছে ৷ কিন্তু সত্য আৰু তথ্য নিৰ্ভৰ সাংবাদিকতা সদায়ে সন্মানীয় হৈ ৰ'ব ৷"

মনোৰঞ্জনৰ উৰ্ধত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা

ইয়াৰ পাছত "মনোৰঞ্জনৰ উৰ্ধত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা" শীৰ্ষক চতুৰ্থখন আলোচনা চক্ৰ সঞ্চালনা কৰে চলচ্চিত্ৰ সমালোচক, কবি অপৰাজিতা পূজাৰীয়ে ৷ তেওঁ কয়,"চলচ্চিত্ৰ কেৱল মনোৰঞ্জন নহয়, এয়া আমাৰ চিন্তা, জীৱনচৰ্যা, সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন ৷ চলচ্চিত্ৰ নিশ্চিতভাৱে সমাজ-জীৱনৰে ধাৰাভাষ্য ৷ আমি নিজক বিচাৰি নাপালে, নিজৰ ভূমিৰ সুবাস নাথাকিলে, নিজৰ সংস্কৃতিৰ প্ৰতিফলন নাথাকিলে সেই চলচ্চিত্ৰৰ সৈতে আমি নিজকে একাকাৰ কৰিব নোৱৰো ৷"

ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকি জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অতুল গাঙৱাৰে কয়,"নিৰ্বাক ছবিৰ কালৰ পৰাই চলচ্চিত্ৰই সংস্কৃতিকে প্ৰতিফলিত কৰি আহিছে ৷ সামাজিক বাৰ্তা, সমাজৰ বিচাৰধাৰা, মানুহৰ জীৱন আৰু মনৰ ভিতৰৰ কথাই চলচ্চিত্ৰক এক শক্তিশালী মাধ্যম কৰি ৰাখিছে ৷ চলচ্চিত্ৰই ভুলৰো শুধৰণি কৰিব পাৰে আৰু প্ৰকৃত বিচাৰধাৰাকো প্ৰতিষ্ঠা কৰিব পাৰে ৷"

জনপ্ৰিয় অভিনেতা কপিল বৰাই কয়,"মানুহৰ হৃদয়ৰ বাৰ্তাই সামাজিক বাৰ্তা ৷ চলচ্চিত্ৰ এই বাৰ্তা প্ৰকাশৰে মাধ্যম ৷ চলচ্চিত্ৰই সমাজ পৰিৱৰ্তন আৰু পুনৰ নিৰ্মাণ কৰিব পাৰে ৷ অৰুণাচল প্ৰদেশৰ সুদক্ষ বক্তা ডাবাং টায়েঙেও চলচ্চিত্ৰই উচিত বাৰ্তাৰে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা দোহাৰে ৷ আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সম্ৰাট বৰাই বিষয় প্ৰসংগত বক্তব্য আগবঢ়াই কয় যে চলচ্চিত্ৰই নতুন ধাৰণাৰ জন্ম দিয়ে ৷ নেদেখাকৈ থকা বিষয় পোহৰলৈ আনে, নোকোৱা কথা কয় আৰু সমাজৰ বিচাৰধাৰা নিৰ্মাণৰ পথ দেখুৱাব পাৰে ৷

লগতে পঢ়ক :শীতত ফুটবলৰ উন্মাদনা; বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ - FOOTBALL TOURNAMENT IN DIBRUGARH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.