ETV Bharat / technology

মুকলিৰ পূৰ্বেই জানো আহক Google Pixel 9a ৰ মূল্য ! - GOOGLE PIXEL 9A

শীঘ্ৰে বজাৰলৈ আহিব Google Pixel 9a ৷ ইয়াৰ দাম, থাকিবলগীয়া বৈশিষ্ট্য তথা সবিশেষ জানো আহক ---

google-pixel-9a-price-and-specifications-leaked-ahead-of-much-anticipated-launch
Google Pixel 8a (Google Pixel)
author img

By ETV Bharat Tech Team

Published : 2 hours ago

হায়দৰাবাদ: মাত্ৰ কেইমাহমান পূৰ্বে গুগল পিক্সেল 9 ছিৰিজে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত মুকলি হৈছিল । এই ফ্লেগশ্বিপ ছিৰিজত চাৰিটা মডেল মুকলি কৰা হৈছিল, ইয়াৰে এটা হৈছে ভাঁজ কৰিব পৰা স্মাৰ্টফোন । এতিয়া গুগলে এই লাইনআপৰ আটাইতকৈ সুলভ মূল্যৰ মডেল পিক্সেল 9A মুকলিৰ বাবে সাজু হৈছে । এই বহু প্ৰত্যাশিত ডিভাইচটো অতি সোনকালে বজাৰত মুকলি হ’ব পাৰে ৷ ইতিমধ্যে ইয়াৰ মূল্য আৰু কিছুমান বৈশিষ্ট্যই অনলাইনত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । এই ফোনটোৱে পিক্সেল 9 ছিৰিজৰ আন ফোনসমূহৰ ডিজাইনৰ প্ৰতিফলন ঘটাব বুলি আশা কৰা হৈছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা গুগল পিক্সেল 8A ৰ উন্নীতকৰণ হিচাপে গুগলৰ এই মিড ৰেঞ্জ স্মাৰ্টফোনটোৱে বিভিন্ন উন্নীতকৰণ আগবঢ়াব । কেমেৰাৰ ক্ষমতা আৰু হাৰ্ডৱেৰ বৈশিষ্ট্য দুয়োটাতে উন্নতি আশা কৰা হৈছে । প্ৰতিবেদন অনুসৰি Pixel 9a ত উন্নত AI কাৰ্যক্ষমতাৰ সৈতে শেহতীয়া Tensor G4 চিপছেট থাকিব পাৰে । এণ্ড্ৰইড হেডলাইনছৰ মতে, এই স্মাৰ্টফোনটোৰ মূল্য প্ৰায় 499 মাৰ্কিন ডলাৰ (প্ৰায় 42,000 টকা)ৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ই আইৰিছ, পৰ্চেলেইন আৰু অব্চিডিয়ানৰ দৰে ৰঙৰ বিকল্পত উপলব্ধ হ’ব ।

Google Pixel 9a প্ৰত্যাশিত স্পেচিফিকেশন

মুকলি হ’বলগীয়া এই স্মাৰ্টফোনটোৱে 6.285 ইঞ্চিৰ এক্টুয়া ডিছপ্লে ব্যৱহাৰ কৰিব পাৰে, যিয়ে 2700 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বল হ’ব আৰু এইচডিআৰ সমৰ্থন কৰিব । ডিছপ্লেটো কৰ্নিং গৰিলা গ্লাছ 3ৰ দ্বাৰা সুৰক্ষিত আৰু ইন-হাউছ টেনছৰ G4 চিপছেটৰ দ্বাৰা চালিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াত অতিৰিক্ত নিৰাপত্তাৰ বাবে ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ থাকিব । পিক্সেল 9 ছিৰিজৰ প্ৰিমিয়াম সমকক্ষৰ দৰেই ইয়াতো এটা ডেডিকেটেড টাইটান M2 ছিকিউৰিটি চিপ থাকিব পাৰে ।

Pixel 9a ত 8GB LPDDR5X RAM ৰ কনফিগাৰেচনৰ সৈতে আহিব বুলি আশা কৰা হৈছে ৷ লগতে 128GB ৰ পৰা 512GB লৈকে ষ্ট’ৰেজ বিকল্পও থাকিব । ই শেহতীয়া এণ্ড্ৰইড 15 অপাৰেটিং চিষ্টেমত চলিব ৷ আনহাতে ইয়াত 5100 mAh ৰ শক্তিশালী বেটাৰী থাকিব যিয়ে 23W তাঁৰযুক্ত আৰু 7.5W বেতাঁৰ চাৰ্জিং সমৰ্থন কৰে । এই ডিভাইচটোৰ জৰিয়তে গুগলেও আকৰ্ষণীয় সাত বছৰৰ বাবে অপাৰেটিং ছিষ্টেম আৰু ছিকিউৰিটি আপডেট প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

গুগল পিক্সেল 9A ত পিছফালে ডুৱেল কেমেৰা ছেটআপ থকাৰ সম্ভাৱনা আছে ৷ যাৰ নেতৃত্বত অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন (অ’আইএছ)ৰ সৈতে 48এমপি মূল কেমেৰা আছে । এই ছেটআপৰ পৰিপূৰক হিচাপে থাকিব 13MP আল্ট্ৰা-ৱাইড লেন্স আৰু চেলফিৰ বাবে 10MP ফ্ৰন্ট-ফেচিং কেমেৰা ।

লগতে পঢ়ক: গুগল পিক্সেল 9 প্ৰ’ ৰ বাবে প্ৰি-অৰ্ডাৰ আৰম্ভ

গুগলে মুকলি কৰিলে Android 15

কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? - IPhone 16 VS Google Pixel 9

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.