ETV Bharat / bharat

সংসদত কেতিয়া উত্থাপন হ'ব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক ? - ONE NATION ONE ELECTION

লোকসভাত সোমবাৰে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' বিধেয়ক উত্থাপন কৰা নহয় । বিধেয়কৰ প্ৰতিলিপি লোকসভাৰ সকলো সাংসদলৈ প্ৰেৰণ কৰা হৈছে ।

One nation one election
সংসদত কেতিয়া উত্থাপন হ'ব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক (ANI)
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 5:20 PM IST

নতুন দিল্লী : এক বিশেষ সূত্ৰৰ মতে কৰ্মসূচী (Financial business) সম্পূৰ্ণ হোৱাৰ পিছত লোকসভাত 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' সম্পৰ্কীয় বিধেয়কসমূহ উত্থাপন কৰা হ'ব । তাৰ পূৰ্বে সোমবাৰে লোকসভাত সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক দুখন তালিকাভুক্ত কৰা হয় । চৰকাৰী সূত্ৰৰ মতে সোমবাৰৰ বাবে তালিকাভুক্ত বিধেয়কৰ পৰিপূৰক দাবী সদনে গৃহীত কৰাৰ পিছত এই সপ্তাহৰ শেষৰ ফালে বিধেয়কসমূহ অনা হ'ব পাৰে ।

সোমবাৰৰ কাৰ্যসূচীত নাই দুখন বিধেয়ক

লোকসভা সচিবালয়ে জাৰী কৰা কৰ্মসূচীৰ সংশোধিত তালিকাত সোমবাৰৰ কাৰ্যসূচীত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ দুখন বিধেয়ক নাই । অৱশ্যে, চৰকাৰে লোকসভা অধ্যক্ষৰ অনুমতিত 'কৰ্মসূচীৰ পৰিপূৰক তালিকা'ৰ জৰিয়তে শেষ মুহূৰ্তত সদায় সংসদলৈ আইনী কাৰ্যসূচী আনিব পাৰে ।

লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচন ৰূপায়ণ সম্পৰ্কীয় দুখন বিধেয়ক যোৱা সপ্তাহত প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি সদস্যসকলৰ মাজত বিতৰণ কৰা হয় । সংসদৰ শীতকালীন অধিৱেশন ২০ ডিচেম্বৰত সমাপ্ত হ'ব ।

তাৰ পূৰ্বে ১২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে একেলগে লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ খচৰা আইনত অনুমোদন জনাইছিল ।

একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিজেপিৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী লক্ষ্য আছিল আৰু এই বিধেয়ক সেই লক্ষ্যত উপনীত হোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ । যদিও সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক ২০২৪ লোকসভাৰ সৈতে ৰাজ্য বিধানসভাসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সৈতে সম্পৰ্কিত । আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ২০২৪-এ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনৰ লগতে ৰাজ্যসমূহৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত কৰিব বিচাৰিছে ।

লগতে পঢ়ক :সোমবাৰে লোকসভাত উত্থাপন হ'ব এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ দুখনকৈ বিধেয়ক - ONE NATION ONE ELECTION BILLS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.