গুৱাহাটী : সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । গুৱাহাটীৰ ৰাজীৱ ভৱনত ছয় ঘণ্টাজোৰা দীঘলীয়া আলোচনাৰ অন্তত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সিদ্ধান্তসমূহ অৱগত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
ভূপেন বৰাই কয়, "পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত কংগ্ৰেছৰ ব্লক, বুথ আৰু মণ্ডল কমিটীসমূহৰ সীমাৰ যথেষ্ট পৰিৱৰ্তন হ'ল । যাৰ বাবে জিলা কংগ্ৰেছসমূহে এসপ্তাহৰ ভিতৰত ৰাজনৈতিক পৰিক্ৰমা কমিটী গঠন কৰি প্ৰদেশ কংগ্ৰেছৰ পৰা অনুমোদন ল'ব । জিলাভিত্তিক হোৱা ৰাজনৈতিক পৰিক্ৰমা কমিটীয়ে ব্লকৰ সভাপতিৰ বাবে নাম প্ৰস্তাৱ কৰিব আৰু ৭ ৰ পৰা ১০ দিনৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম ।’’
PAC (Political Affairs Committee) meeting is going on in Rajiv Bhawan. pic.twitter.com/KukZF90syC
— Bhupen kumar Borah (@BhupenKBorah) December 15, 2024
‘‘আনহাতে যিসকল নতুন ব্লক সভাপতি হ'ব তেওঁলোকৰ বয়স আমি ৫০ৰ তলত ধাৰ্য কৰিছো । আনহাতে ৰাজ্যজুৰি কংগ্ৰেছৰ ডিজিটেলি সদস্যভৰ্তি কৰোৱা হ'ব । পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি এখন মনিটৰিং কমিটী গঠন কৰা হৈছে । সাংসদ ৰকিবুল হুছেইন, ৰিপুন বৰা আৰু প্ৰণতি ফুকনকলৈ এই পঞ্চায়ত নিৰ্বাচন মনিটৰিং কমিটিখন কৰা হৈছে ।" বৰাই কয় ৷
জিলা কংগ্ৰেছৰ সভাপতিসকলৰ কিছু ৰদ-বদল হ'ব বুলি উল্লেখ কৰি ভূপেন বৰাই কয়, "চাহ জনজাতি, অ'বিচি, সংখ্যালঘু, এ চি, এছ টি আৰু জেনেৰেলক সামৰি জিলা সভাপতিৰ ৰদ-বদল কৰা হ'ব । পঞ্চায়তত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ আছে যদিও ৪০ বছৰৰ তলৰ ৫০ শতাংশ যুৱ প্ৰজন্মক পঞ্চায়তত টিকট দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।’’
Addressed media after the PAC Meeting today- https://t.co/YTrF3zcUXV
— Bhupen kumar Borah (@BhupenKBorah) December 15, 2024
‘‘পঞ্চায়তৰ জিলা পৰিষদ আৰু কাউন্সিলাৰৰ ক্ষেত্ৰত ৪০ বছৰৰ তলৰ ৫০ শতাংশই টিকট লাভ কৰিব । প্ৰাৰ্থীৰ পৰা মাচুল লোৱা হ'ব আৰু এইটো তিনিভাগ কৰা হ'ব । ইয়াৰে এভাগ জিলাই, এভাগ ব্লকে আৰু এভাগ মণ্ডলে পাব । প্ৰদেশ কংগ্ৰেছে নলয় ।" তেওঁ কয় ৷
মিত্ৰতাৰ প্ৰসংগত ভূপেন বৰাই কয়, "মিত্ৰতাৰ ক্ষেত্রত পঞ্চায়ত আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জিলা কংগ্ৰেছে স্থানীয় পৰ্যায়ত বিজেপি বিৰোধী শক্তিৰে বুজাবুজি কৰিব পাৰিব । প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীয়ে জানুৱাৰী মাহত দিল্লীত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু কে চি বেনুগোপাল সাক্ষাৎ কৰিব আৰু ২০২৬ৰ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব ।’’
‘‘পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে । কাৰোবাক টিকট দিব বিচাৰিলে নেতাই মৌখিকভাৱে নহয় লিখিতভাৱে দিব লাগিব । সাংসদ নাইবা বিধায়কে প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰিব পাৰিব যদিও লিখিতভাৱে দিব লাগিব । আনহাতে প্ৰাৰ্থীৰ জয় পৰাজয়ৰ দায়িত্ব ল'ব লাগিব প্ৰস্তাৱ কৰা সংশ্লিষ্ট নেতাজনে । জয়ৰ কৃতিত্ব ল'লে পৰাজয়ৰ দায়িত্বও ল'ব লাগিব । সেইজন লাগিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নহওক কিয় ।" তেওঁ কয় ৷
উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান আৰু বিকাশ উপাধ্যায়, বিধায়িকা নন্দিতা দাস আৰু ৰজলীনা তিৰ্কীৰ লগতে ভালেসংখ্যক নেতা উপস্থিত আছিল ।
লক্ষণীয় বিষয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুবাৰৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বৈঠক । শনিবাৰে পুৱাৰ পৰাই ৰাজীৱ ভৱনত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল । ৰাজীৱ ভৱনত হোৱা বৈঠকসমূহত জিলা কংগ্ৰেছৰ সভাপতি আৰু নেতৃবৃন্দৰ লগতে ৰাজ্যখনৰ উজনি, নামনি, মধ্য অসম আৰু বৰাক উপত্যকাৰ সাংগঠনিক দিশ পৰ্যালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ।
শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিচালনাত অনুষ্ঠিত দিনযোৰা সাংগঠনিক বৈঠকত পৃথকে পৃথকে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱাদল আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নেতৃত্বৰ লগতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰা হৈছিল । দেওবাৰে অনুষ্ঠিত হয় ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক ।