ডিব্ৰুগড় : এতিয়া আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ বতৰ । পুৱাৰ পৰা সন্ধিয়ালৈকে ব্যস্ততাৰ অন্ত নাই কৃষক ৰাইজৰ । পুৱা নিয়ৰ সৰা পাছতে পথাৰলৈ ঢাপলি মেলা খেতিয়ক দাৱনীয়ে বেলি পৰা পাছতে ঘৰমুৱা হৈছে । বেলি পৰা সময়ত গৰুৰ জাকে ধূলি উৰুওৱাৰ সময়ত গাঁৱৰ আলি বাটত এতিয়া জাক জাক দাৱনীৰ ভিৰ ।
গ্ৰাম্য অঞ্চলত এই চিৰ পৰিচিত পৰিৱেশৰ লগত আজিৰ প্ৰজন্ম বৰ বেছিকৈ পৰিচিত নহয় । কিয়নো আজিৰ নতুন প্ৰজন্মৰ অধিকাংশৰে নাই কৃষি ধাউতি । আধুনিক সমাজ ব্যৱস্থাত থকা আজিৰ প্ৰজন্মই চাকৰিমুখী হোৱা সময়ত কিছু সংখ্যকে কৃষি পথাৰত দেখুৱাইছে পাৰদৰ্শিতা । তেনে সময়ত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ নগাজানৰ আঘোণৰ পথাৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।
কান্ধত সোণগুটিৰ ভাৰ কঢ়িয়াই কৃষি চপোৱাত ব্যস্ত উমা মূড়া নামৰ কিশোৰীগৰাকী । খেলুৱৈ হোৱাৰ সপোন লৈ ফুৰা দুলীয়াজানৰ কিশোৰীগৰাকীয়ে দৰিদ্ৰ বাবে সপোন সামৰি ব্যস্ত হৈছে কৃষিত । কিশোৰীগৰাকীয়ে পুৰুষৰ সমানেই নিজৰ বাহুৰ বলত সাত আঠ বিঘা খেতি মাটি ধান চপোৱাত ব্যস্ত হৈ পৰিছে এনেদৰে ।
কান্ধত চাৰি পাঁচ থৰিয়া ডাঙৰী কান্ধত লৈ দূৰৰ পথাৰৰ পৰা ধান কঢ়িয়াই দেখুৱাই দিছে অদম্য মনোবল । দুলীয়াজান নগাজান তামুলী খাতৰ উমা মূড়া নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে পিতৃৰ অসুস্থতা আৰু দৰিদ্ৰ পৰিয়ালটোৰ সহায়ৰ বাবে এইদৰে কঠোৰ সংগ্ৰামত ব্যস্ত হৈ পৰিছে ।
জানিব পৰা অনুসৰি, কিশোৰীগৰাকীয়ে মাক দেউতাকৰ কামত সহায় কৰিবলৈকে দুই তিনি বছৰ মানৰ পৰা বাৰিষা মাটি চহোৱা, ৰোৱা, তোলা, মৰণা মৰা, ঘৰত খৰি ফলা, ধান দোৱা সকলো কামেই অনায়াসে কৰি গৈছে । নগাজান বজালনী মধ্য ইংৰাজী বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থকা উমা মূড়া ধান কটা, দাঙৰি কঢ়িয়াই অনা এনেবোৰ কাম কৰাৰ উপৰিও এগৰাকী ভাল পাঞ্জা আৰু কাবাডী খেলুৱৈও ।
লগতে পঢ়ক : আঘোণৰ পথাৰত ৰবাব টেঙাৰ সোৱাদ লোৱাত ব্যস্ত দাৱনী |
কিন্তু ঘৰৰ আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱা হেতুকে ক্ৰীড়াৰ ক্ষেত্ৰত পিছুৱাই আহিবলগীয়া হৈছে যদিও পাঞ্জা খেলৰ প্ৰতি প্ৰৱল আগ্ৰহী উমা । ঘৰৰ আৰ্থিক অনাটনৰ বাবে বিদ্যালয় এৰি এতিয়া খেলুৱৈ হোৱাৰ সপোনক মনতেই সামৰি ৰাখিছে ।
পাঞ্জা আৰু কাবাডী খেলুৱৈ হ'বৰ মন সাহসী উমাৰ :
পুৰুষৰ সমানেই নিজৰ বাহু বলত সাত- আঠ বিঘা খেতি মাটিৰ ধান চপোৱাত ব্যস্ত হোৱা উমা মূড়াই বিদ্যালয়ত খেলি ভাল পাইছিল পাঞ্জা আৰু কাবাডী । বিদ্যালয়ত অনুষ্ঠিত প্ৰতিযোগিতাত লাভ কৰিছিল পদক । সেয়ে পাঞ্জা আৰু কাবাডী খেলুৱৈ হ'বৰ মন সাহসী উমাৰ ।
উমা মুড়াই কয়, ‘‘খেতি মাটি চহোৱাৰ পৰা ধান পথাৰ ৰপৰা আনি মৰণা মৰালৈকে সকলো জানো । কষ্ট অলপ হয় যদিও কৰিব লগা হৈছে । অষ্টম শ্ৰেণীলৈকে পঢ়ছিলো যদিও এতিয়া ঘৰৰ আৰ্থিক অনাটনৰ বাবে বিদ্যালয় এৰিব লগা হয় । পাঞ্জা আৰু কাবাডী খেলি ভালপাও । স্কুলৰ ছাৰহঁতেও কৈছিল পাঞ্জা আৰু কাবাডীত ভাল খেলা বুলি । পাঞ্জা আৰু কাবাডী খেলিবলৈ সুবিধা পালে মই খেলিম ।’’