মৰিগাঁও: ঠিক চিনেমাৰ দৰে এটা কাহিনী । ৩৫ বছৰৰ পাছত ঘৰ ওলালহি নিৰুদ্দেশ হোৱা এগৰাকী মহিলা । হয়, মৰিগাঁৱৰ পৰা ৩৫ বছৰৰ আগত নিৰুদ্দেশ হোৱা সুৱলা অযোধ্যাৰ পৰা ৩৫ বছৰৰ পাছত ওলালহি আপোন ঘৰ । কিন্তু সুৱলা এতিয়া সুৱলা নহয় । সুৱলা ঘৰলৈ উভতিল পুনম নামেৰে । পুনমক লৈ এতিয়া গাঁওবাসীৰ মাজত আনন্দ ।
মৰিগাঁৱৰ এগৰাকী নিৰুদ্দেশ হোৱা যুৱতী । নাম সুৱলা দেৱী । মৰিগাঁও জিলাৰ মিকিৰ গাঁৱত সুৱলাৰ ঘৰ । কিন্তু ককায়েকৰ সৈতে সৰু কথা এটাত কাজিয়া লাগি সুৱলা নিৰুদ্দেশ হৈছিল । পৰিয়ালৰ লোকে বহু বিচাৰ-খোঁচাৰ কৰিও সুৱলাক নাপালে । সুৱলাৰ নিৰুদ্দেশৰ খবৰ আৰক্ষীকো জনোৱা হ'ল । কিন্তু সুৱলাৰ কোনো সন্ধান নোলাল । অৱশেষত পৰিয়ালৰ লোকে সুৱলাৰ মৃত্যু হোৱা বুলিয়েই ভাবি ল’লে । সুৱলাৰ অনুমানিক মৃত্যুৰ সংবাদে পৰিয়ালটোক শোকস্তব্ধ কৰিছিল ।
লাহে লাহে সুৱলাক পাহৰি গ'ল পৰিয়ালৰ লোকে, বন্ধু-বান্ধৱীয়ে । কিন্তু হঠাৎ নিৰুদ্দিষ্ট সুৱলা পুনম হৈ উপস্থিত হ'লহি মাতৃগৃহত । ঘৰৰ পৰিয়ালৰ সৈতে মনোমালিন্য হৈ সুৱলা পাইছিল গৈ অযোধ্যা । তাতেই শেষত সুৱলা সম্পূৰ্ণ নীতি-নিয়মেৰে বিবাহ পাশতো আৱদ্ধ হ'ল এজন যুৱকৰ সৈতে । অযোধ্যাত সুৱলাৰ নাম সলনি কৰি স্বামী গৃহৰ লোকে নাম দিলে পুনম । কিন্তু মাতৃভূমিৰ মৰম কোনে পাহৰিব পাৰে !
সেয়ে সৰু কথাতে আবেগিক সিদ্ধান্ত লোৱা সুৱলা দেবী পুনম হৈয়ে মিকিৰ গাঁৱত উপস্থিত হ'লহি স্বামী আৰু সন্তানক লৈ । তাৰ পিছতেই আনন্দৰ বন্যা বৈছে ঘৰখনত । খবৰ ল’বলৈ আহিল বাল্যকালৰ বান্ধবীসকলে । সুদীৰ্ঘ ৩৫ বছৰে উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সাংসাৰিক জীৱন অতিবাহিত কৰা পুনমে মাতৃগৃহত জীৱনৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে ।