গুৱাহাটী, 1 মাৰ্চ :ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীলৈ দুঃখবৰ ৷ ফেব্ৰুৱাৰী মাহৰ দৰমহা নাপায় ৰাজ্যৰ তিনিটা বিভাগৰ কৰ্মচাৰীয়ে ৷ৰাজ্যৰ বিত্ত বিভাগে বৃহস্পতিবাৰে প্ৰদান কৰিছে এক নতুন নিৰ্দেশনা ৷ ‘AISHE' (All India Survey on higher education) প'ৰ্টেলত তথ্য নিদিয়া ৰাজ্যৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ কৰ্মচাৰীৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ ৰাখিবলৈ ৰাজ্যৰ বিত্ত বিভাগে সকলো কোষাগাৰ বিষয়ালৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ জাৰি হোৱাৰ পাচতে মহাবিদ্যালয় তথা অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত লাখ লাখ চাকৰিয়াল লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহে AISHE প'ৰ্টেলত (All India Survey on Higher Education চমুকৈAISHE) শুদ্ধ আৰু সম্পূৰ্ণ তথ্য আপলোড কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । তথ্য আপলোড কৰি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহে উচ্চ শিক্ষা বিভাগৰ পৰা প্ৰমাণ-পত্ৰ লৈ কোষাগাৰত জমা দিব লাগিব । এই প্রমাণ-পত্ৰ কোষাগাৰত জমা দিবলৈ ব্যৰ্থ হোৱা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ ৰাখিবলৈ বিত্ত বিভাগে নিৰ্দেশ প্ৰদান কৰিছে ।