অসম

assam

প'ৰ্টেলৰ জৰিয়তে চৰকাৰী চাকৰিয়ালে কৰিব পাৰিব বদলিৰ আবেদন - Online mutual transfer application

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 6:10 PM IST

CM Himanta Biswa Sarma on govt employee: আৰু মাত্ৰ তিনিগৰাকীক নিযু্ক্তি দিলেই সম্পূৰ্ণ হ’ব এক লাখ নিযুক্তি প্ৰক্ৰিয়া ৷ জনালে মুখ্যমন্ত্ৰীয়ে ৷ প'ৰ্টেলৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালে কৰিব পাৰিব বুজাবুজি বা বদলি ৷

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৩ আগষ্ট : চৰকাৰী চাকৰিয়ালৰ বুজাবুজি বা বদলিৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীত সাংবাদিকৰ আগত এই কথা সদৰী কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

কি এই বুজাবুজিৰ বদলিৰ নতুন ব্যৱস্থা ? :

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা‌ মতে, চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি থকা চাকৰিয়ালৰ ক্ষেত্ৰত বুজাবুজি বা বদলিৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইয়াৰ বাবে চৰকাৰে এটা প'ৰ্টেলৰ ব্যৱস্থা কৰিব । বদলিৰ ক্ষেত্ৰত কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলে এই বদলিৰ বাবে নিৰ্দিষ্ট প'ৰ্টেলটোত আৱেদন কৰিব পাৰিব । এবছৰ চাকৰি সম্পূৰ্ণ কৰাসকলে এই প’ৰ্টেলত আৱেদন কৰিব লাগিব । অহা ২ অক্টোবৰৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হ'ব । বদলি হোৱাৰ ক্ষেত্ৰত দুজনে পৰ্টেলত আৱেদন কৰিব পাৰিব । সেই দুজনৰ মাজত বুজাবুজি থাকিব লাগিব । দেশত ক’তো এনে ব্যৱস্থা নাই । প’ৰ্টেলটোৰ জৰিয়তে নিজৰ বদলিৰ অৰ্ডাৰ নিজে উলিয়াব পাৰিব । তৃতীয় বদলিৰ নতুন অৰ্ডাৰ দুমাহৰ মূৰে মূৰে প'ৰ্টেলটোৰ জৰিয়তে উলিয়াই দিয়া হ'ব ৷

৮০ শতাংশ আৰু ২০ শতাংশ চাকৰিৰ দৰমহা ভগোৱা‌ হ’ব :

অনুম্পামূলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত যিসকলে চাকৰি পায় তেওঁলোকৰ দৰমহাৰ ৮০ শতাংশ ধন তেওঁক আৰু ২০ শতাংশ ধন পিতৃ-মাতৃক ভগাই দিয়া হ’ব । কিন্তু সেই দেউতাক-মাকৰ চাকৰি বা তেওঁলোকৰ আন সন্তানৰ চাকৰি থাকিব নালাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । অসমত অহা সাতমাহৰ ভিতৰত এই ব্যৱস্থা আৰম্ভ কৰা হ'ব ।

১১২৭ গৰাকীক নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ :

ৰাজ্য চৰকাৰৰ চিকিৎসা আৰু লোকনিৰ্মাণ বিভাগৰ ১১২৭ গৰাকীক মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰ প্ৰদান কৰে । ইয়াৰে ৮৬১ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আৰু লোকনিৰ্মাণ বিভাগৰ ২৬৬ গৰাকীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয় । এইসকলৰ ভিতৰত আছে ষ্টাফ নাৰ্ছ, অনুকম্পামূলক চতুৰ্থ বৰ্গৰ, লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা( ব্যৱহাৰিক) আৰু পথ বিভাগৰ কনিষ্ঠ অভিযন্তা ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে‌ কয় যে এইপৰ্যন্ত 99,997 গৰাকীক আজিলৈকে নিযুক্তি দিয়া হয় ।‌ মাত্ৰ তিনিগৰাকীক নিযুক্তি দিলে ১ লাখৰ ঘৰ স্পৰ্শ কৰিব । লোকনিৰ্মাণ বিভাগত অভিযন্তাৰ নিযুক্তি বহুত দিন হোৱা নাছিল । ভাষণত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পোৱাসকলক নিষ্ঠাৰে, সেৱাৰ মনোভাৱেৰে কাম কৰাৰ আহ্বান জনায় । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে চিকিৎসা শিক্ষা গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে ।

লগতে পঢ়ক :কেতিয়া পাব স্থায়ী চাকৰি ? চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী

ক'ভিড চাফাইকৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল

ABOUT THE AUTHOR

...view details