গুৱাহাটী : অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ । অসম চৰকাৰে দীপাৱলী উদযাপনৰ বাবে কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমহা ২৮ অক্টোবৰৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যাতে সুন্দৰভাৱে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, ৩১ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ'ব । ইতিমধ্যে কালী পূজা আৰু দিপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । এই আনন্দ-উৎসৱ উদযাপন কৰাৰ বাবে অসম চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে ।
আনহাতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বাচনো বৃদ্ধি পাব । অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে এই কথা সদৰী কৰিছিল । দীপাৱলীৰ প্ৰাকঃক্ষণত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।