অসম

assam

ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য পূৰণতো ব্যৰ্থ ৰাজ্য চৰকাৰ - ASSAM AGRICULTURE DEPARTMENT

জুলাই মাহৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া ৩১ অক্টোবৰত সমাপ্ত হ'ল । কিন্তু দ্বিতীয় পর্যায়তো ধান ক্ৰয়ত ব্যৰ্থ হ'ল চৰকাৰখন ।

ASSAM AGRICULTURE DEPARTMENT
দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য পূৰণতো ব্যৰ্থ ৰাজ্য চৰকাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 9:03 PM IST

গুৱাহাটী:বাৰম্বাৰ ব্যৰ্থতা । কৃষকৰ পৰা ন্যূনতম সমৰ্থন দামত ধান ক্ৰয়ৰ ক্ষেত্ৰত পুনৰবাৰ চূড়ান্তভাৱে ব্যর্থ হৈছে ৰাজ্য চৰকাৰ । কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্য এইবাৰো পূৰণ নহ'ল । লক্ষণীয় বিষয় যে পূৰ্বৰ ব্যৰ্থতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য ক্ৰমাৎ হ্ৰাস কৰি আনিছিল । এইবাৰৰ প্ৰথম পৰ্যায়ত ব্যৰ্থ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ত ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হৈছিল । কিন্তু হ্ৰাস কৰাৰ পাছতো লক্ষ্যত উপনীত হ'ব নোৱাৰিলে বিভাগটো ।

দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য আৰু প্ৰাপ্তি:

দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য পূৰণতো ব্যৰ্থ ৰাজ্য চৰকাৰ (ETV Bharat)

জুলাই মাহৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া যোৱা ৩১ অক্টোবৰত সমাপ্ত হ'ল । কিন্তু প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পর্যায়তো ধান ক্ৰয়ত ব্যৰ্থ হ'ল চৰকাৰখন । চৰকাৰী প'ৰ্টেলৰ তথ্য অনুসৰি এইবাৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ৮৫,২০০ মেট্ৰিক টন । কিন্তু ইয়াৰ বিপৰীতে ক্ৰয় কৰিবলৈ সক্ষম হ'ল ৭,৬০৪৮.০২ মেট্ৰিক টন ধানহে । প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো চাৰিটা সংস্থাকহে ধান ক্ৰয়ৰ দায়িত্ব অর্পণ কৰা হৈছিল ।

যিটো পূৰ্বতে ছটা সংস্থাক দিয়া হৈছিল । সেই অনুসৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) ৬৩,৪০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বান্ধি দিয়া হৈছিল । লক্ষ্যৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰিবলৈ সক্ষম হ'ল ৬৪,৭৮১.৬৮ মেট্ৰিক টন ধান । প্ৰতিষ্ঠানটোৱে লক্ষ্য অতিক্ৰমি অধিক ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ।

দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য পূৰণতো ব্যৰ্থ ৰাজ্য চৰকাৰ (ETV Bharat)

সেইদৰে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) লক্ষ্যৰ ৫,০০০ মেট্ৰিক টন ধান ক্ৰয়ৰ বিপৰীতে ক্ৰয় কৰে মাত্ৰ ১,৮৫৮.০৮ মেট্ৰিক টন ধান । আনহাতে ভাৰতীয় খাদ্য নিগমে (এফ চি আই) লক্ষ্যৰ ৪,০০০ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰে মাত্ৰ ১,১৫৭.২৮ মেট্ৰিক টন ধান । ইফালে নেশ্যনেল এগ্ৰিকালচাৰেল কো-অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অব ইণ্ডিয়া লিমিটেডে (নাফেড) লক্ষ্যৰ ১২,৮০০ মেট্ৰিক টনৰ ভিতৰত মাত্ৰ ৮,২৫০.৯৮ মেট্ৰিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: শৰীৰচৰ্চা নহয়, এইবাৰ মূৰত ধানৰ বস্তা মন্ত্ৰী দাসৰ

প্ৰথম পৰ্যায়ত লক্ষ্যৰ বিপৰীতে ক্ৰয় কৰা ধানৰ পৰিমাণ:

চলিত বৰ্ষৰ দুটা পৰ্যায়তে লক্ষ্য নিৰ্ধাৰিত ধান ক্ৰয়ত ব্যৰ্থ হ'ল ৰাজ্যৰ কৃষি বিভাগ । প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ বাবে দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হৈছিল । পূৰ্বৰ ছটা চৰকাৰী সংস্থাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম পৰ্যায়ত চাৰিটা সংস্থাক ৬,৩১,২০০ মেট্ৰি ক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল । ইয়াৰ পূৰ্বে ধান ক্ৰয়ৰ লক্ষ্য আছিল ১০ লাখ মেট্ৰিক টন । কিন্তু লক্ষ্যপ্ৰাপ্তি নোহোৱাৰ বাবেই পৰিমাণ হ্ৰাস কৰা হৈছিল ।

তথাপিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে । ২০২৩-২৪ বৰ্ষৰ প্ৰথম পৰ্যায়ত লক্ষ্যৰ ৪৮ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । লক্ষ্য আছিল ৬,৩১,২০০ মেট্ৰিক টন । কিন্তু চাৰিটা সংস্থাই ক্ৰয় কৰিবলৈ সক্ষম হয় ৩,০৮,৪০৩.১৫ মেট্ৰিক টন ধান । যাৰ বাবে অসম চৰকাৰে ২০২৩-২৪ বৰ্ষৰ দ্বিতীয়টো পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য হ্ৰাস কৰিবলৈ বাধ্য হয় । কিন্তু প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো ব্যৰ্থতাই পৰিলক্ষিত হ'ল ।

অভাৱ ধান ক্ৰয় কেন্দ্ৰৰ:

ধান ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰখনে বাৰম্বাৰ ব্যৰ্থ হ'বলগীয়া হৈছে । ইয়াৰ অন্তৰালত বহুকেইটা কাৰণ আছে যদিও কৃষকসকলৰ মতে ধান ক্ৰয় কৰা কেন্দ্ৰসমূহ পর্যাপ্ত নহয় । যাৰ বাবে কৃষকসকলে ঘৰৰ পৰা দূৰৈত থকা কেন্দ্ৰত ধান বিক্ৰী কৰিবলৈ যাবলৈ মন নকৰে ।

আনহাতে বিক্ৰী প্ৰক্ৰিয়াটো চৰকাৰী মেৰপাকত সোমাই থকাৰ বাবেও কৃষকসকলে লগে লগে ধন লাভ নকৰে । যাৰ বাবে কৃষকসকলে চৰকাৰৰ ওচৰত ধান বিক্ৰী কৰিবলৈ নাযায় । ইয়াৰ বিপৰীতে মধ্যভোগীৰ ওচৰত কম দামত ধান বিক্ৰী কৰে । ফলত ধান ক্ৰয়ৰ সমগ্ৰ আঁচনিখনেই কাৰ্যতঃ ব্যৰ্থ হৈছে আৰু উপকৃত হ'ব পৰ‍া নাই কৃষকসকল ।

লগতে পঢ়ক:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা : ক্ৰয় কৰিব নোৱাৰিলে লক্ষ্যৰ ৫০ শতাংশ ধানো

ABOUT THE AUTHOR

...view details