মৰাণ, 16 মে’:ডিব্ৰুগড় চহৰৰ সমীপৰে বৈ গৈছে বুঢ়ালুইত ৷ লুইতৰ খহনীয়াত জাহ গৈছে বহুলোকৰ ভেঁটি-মাটি ৷ জিলাখনৰ কেইবাটাও স্থানত ভয়ংকৰ খহনীয়া সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই ৷ বিগত কেইবাটাও বছৰৰ পৰা এই খহনীয়াই ভয়ংকৰ ৰূপ লৈছে যদিও খহনীয়া নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হোৱা দেখা গৈছে ৰাজ্য চৰকাৰ ৷ পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো ব'হাগ মাহ চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷
বাৰিষাৰ প্ৰাকমূহুৰ্তত চহৰখনত ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ কাষতে থকা লোকসকল ৷ জিলাখনৰ মোহনাঘাট অঞ্চলত সৃষ্টি হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি । বৰ্তমান মোহনাঘাটত খহনীয়াত সৰ্বস্বান্ত পৰিয়ালে দিন কটাইছে চালিৰ তলতে । অসহায় ৰাইজে স্থানীয় বিধায়ক হিচাপে প্ৰশান্ত ফুকনৰ কাষ চাপিছিল যদিও বিধায়কগৰাকীয়ে সহায় কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
ৰাইজে জানিবলৈ দিয়া অনুসৰি, নদীৰ কাষত থকা ৰাইজক সহায় কৰিব নোৱাৰো, প্ৰয়োজন হ'লে ভোট নিদিবা বুলি বিধায়ক গৰাকীয়ে ৰাইজক কৈছে । মুঠৰ ওপৰত মোহনাঘাটৰ খহনীয়াক লৈ হাত দঙাৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক ফুকনৰ বিৰুদ্ধে । ৰাইজৰ অভিযোগ- ঘৰ-ভেঁটি হেৰুওৱাসকলক কোনো ধৰণৰ সহায় বিধায়ক আৰু স্থানীয় প্ৰশাসনে কৰা নাই ৷ বৰং খহনীয়া প্ৰতিৰোধৰ বাবে কেৱল জিঅ' বেগ দি দায়িত্ব সামৰিছে ।