নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ : ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (এছএলআৰচি) সোমবাৰে অৰ্থাৎ 2 ছেপ্টেম্বৰত গ্ৰেড 3 পদৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই) 2024 ৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে । যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ প্ৰৱেশ পত্ৰ আজি দিনৰ 11:00 বজাৰ পৰা ডাউনলোড কৰিব পাৰে । যাৰ বাবে আবেদনকাৰীয়ে তলত উল্লেখিত ধৰণে কামখিনি কৰিব লাগিব ৷
- জানিবলগীয়া কথা :-
- পৰীক্ষাৰ সময়সূচী :
এডিআৰই গ্ৰেড 3 পৰীক্ষা 2024- 15, 22 আৰু 29 ছেপ্টেম্বৰত অসমৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'ব ।
- পৰীক্ষাৰ ধৰণ :
এ.ডি.আৰ.ই. গ্ৰেড 3 পৰীক্ষা একাধিক বিকল্প প্ৰশ্নৰ (MCQ) ৰ সৈতে ও.এম.আৰ (OMR) আধাৰিত হ'ব । এই পৰীক্ষা অসম, বড়ো, বঙালী, ইংৰাজী তথা হিন্দী ভাষাত অনুষ্ঠিত হ'ব ( প্ৰশ্ন কাকত পঢ়াৰ সুবিধাৰ্থে) ৷
- এডমিট কাৰ্ড ডাউনলোড :
প্ৰাৰ্থীসকলে অসম চৰকাৰৰ আৰু মাধ্যমিক শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰে ।
অসম চৰকাৰৰ ৱেবছাইট :(https://assam.gov.in/)
অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট :(https://site.sebaonline.org/)
- প্ৰমাণপত্ৰ ডাউনলোড :
এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এপ্লিকেচন নম্বৰ আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব ।
- কেনেদৰে ডাউনলোড কৰিব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা 2024 এডমিট কাৰ্ড ?
পদক্ষেপ 1- অফিচিয়েল ৱেবছাইটলৈ যাওক : https://site.sebaonline.org/বাhttps://assam.gov.in/
পদক্ষেপ 2- এডিআৰই এডমিট কাৰ্ড 2024-ৰ বাবে ডাউনলোড লিংকটো বাছনি কৰক ।