অসম

assam

ETV Bharat / state

দলীয় কৰ্মীৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মালৈ পত্ৰ ভূপেন বৰাৰ - APCC WRITES LETTER TO CM

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ "ৰাজভৱন যাত্ৰা" কাৰ্যসূচীত অংশ লোৱাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ সম্পাদক অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হৈছিল ।

APCC writes letter to CM
দলীয় কৰ্মীৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মালৈ পত্ৰ APCC ৰ সভাপতিৰ (@BhupenKBorah)

By ANI

Published : Dec 21, 2024, 12:12 PM IST

গুৱাহাটী :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এখন বিশেষ পত্ৰ । মুখ্যমন্ত্ৰীলৈ শনিবাৰৰ তাৰিখত দিয়া পত্ৰখনৰ যোগেদি ভূপেন বৰাই মৃদুল ইছলামৰ পত্নীক তেওঁৰ শিক্ষাগত অৰ্হতা অনুসৰি চাকৰি দিয়াৰ বাবে আহ্বান জনাইছে ।

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ "ৰাজভৱন যাত্ৰা" কাৰ্যসূচীত অংশ লোৱাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ সম্পাদক অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হৈছিল । মৃদুল ইছলামৰ মৃত্যুত নিথৰুৱা হৈ পৰা পৰিয়ালটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চাকৰিৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

পত্ৰযোগে ভূপেন বৰাই মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়,

"আপুনি অৱগত যে এজন যুৱ আৰু প্ৰতিশ্ৰুতিশীল অধিবক্তা মৃদুল ইছলামৰ কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ কঠোৰতাৰ বাবে মৃত্যু হয় । এই কথা সেইসময়ত ঘটনাস্থলীত উপস্থিত থকা অসংখ্য সংবাদ মাধ্যমৰ দ্বাৰা প্ৰমাণিত হ'ব, মৃদুল ইছলামৰ কৰুণ মৃত্যু অসম আৰক্ষীৰ দ্বাৰা বলপ্ৰয়োগৰ প্ৰত্যক্ষ ফলাফল ।

আমাৰ ৰাজনৈতিক পাৰ্থক্য যিয়েই নহওঁক, এজন ৰাজনৈতিক কৰ্মীৰ গণতন্ত্ৰৰ সেৱাত মৃত্যু হোৱাৰ ঘটনা ডাঙৰ ট্ৰেজেডীৰ বিষয় । মৃদুল ইছলামে তেওঁৰ নিবনুৱা বিধৱা পত্নী হামিদা পাৰবিন আৰু দুটি সৰু ল'ৰা-ছোৱালী এৰি গৈছে । সেয়েহে সহানুভূতিৰ ভিত্তিত মই আপোনাক হামিদা পাৰবিনক তেওঁৰ গৃহ জিলা কামৰূপ গ্ৰাম্যত তেওঁৰ শিক্ষাগত অৰ্হতা তথা যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি এটা দিয়াৰ বাবে অনুৰোধ জনাইছো ।

তেখেতৰ শিক্ষাগত অৰ্হতা হৈছে যে তেখেত উচ্চতৰ মাধ্যমিক (কলা শাখা) পৰীক্ষা উৰ্ত্তীণ । মই আপোনাৰ পৰা ইতিবাচক সঁহাৰি পাবলৈ বাট চাই আছো । মই ব্যক্তিগতভাৱে কৃতজ্ঞ হ'ম যদি আপুনি এগৰাকী শোকাৰ্ত বিধৱাৰ প্ৰতি আপোনাৰ সহানুভূতি প্ৰদৰ্শন কৰে ।"

লগতে পঢ়ক :ৰাজীৱ ভৱনৰ সমুখত জ্বলিল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি

উল্লেখ্য যে, বুধবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজভৱন যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিছিল । যাৰ ফলত প্ৰতিবাদকাৰীকে ধৰি কেইবাগৰাকী সাংবাদিক আহত আৰু অসুস্থ হৈ পৰিছিল ।

কংগ্ৰেছৰ সেই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল মৃদুল ইছলামে । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনা কৰিছিল । য'ত আহত আৰু অসুস্থ হৈ পৰিছিল মৃদুল ইছলাম ।

লগতে পঢ়ক :ৰাজ্যপাল নথকা সময়ত কংগ্ৰেছ ৰাজভৱনলৈ গৈছিল কিয় ? বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে

মৃদুল ইছলামক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত তেঁওৰ মৃত্যু হয় । আৰক্ষীয়ে অত্যাধিক কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বাবেই মৃদুল ইছলামৰ মৃত্যু হোৱা বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰাৰ লগতে ঘটনা সন্দৰ্ভত সিদিনাই লতাশিল থানাত এজাহাৰ দাখিল কৰে। আনহাতে প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামক শ্বহীদ ঘোষণা কৰিছে।

লগতে পঢ়ক :কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই

লগতে পঢ়ক :মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

ABOUT THE AUTHOR

...view details