অসম

assam

ETV Bharat / state

লখিমপুৰত 706 কোটি টকীয়া ৪৮ টা নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

48 new schemes worth Rs 706 crore in Lakhimpur: বুধবাৰে লখিমপুৰত ৪৮ টা বিভিন্ন আঁচনিৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুঠ ৭০৬ কোটি টকা ব্যয়ৰ এই আঁচনিসমূহৰ একাংশত তেওঁ নিজে উপস্থিত থকাৰ বিপৰীতে আন একাংশ ভাৰ্চুৱেলী উদ্বোধন আৰু শিলান্যাস কৰে ।

assam-cm-visits-lakhimpur-to-inaugurate-various-schemes
৪৮ টা নতুন আঁচনি

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 6:38 PM IST

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য

লখিমপুৰ, ৬ মাৰ্চ :লোকসভা নিৰ্বাচনৰ পাচতে অসমত চলিব তীৰ জুৱা আৰু নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান । ২০২৬লৈ বন্ধ হ’ব বাল্য বিবাহ । বুধবাৰে লখিমপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে । প্ৰসংগক্ৰমে তেওঁ কয় বিধানসভাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যত জৰাফুকাও বন্ধ হ’ব । লখিমপুৰৰ নাওবৈচা সমষ্টি সম্পৰ্কে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় সমষ্টিটোত ভেন্সাৰ এমএলএ আছে ৷ ৰাইজে কংগ্ৰেছ আৰু এআইইউডিএফৰ মোহ ত্যাগ কৰিব পাৰিব লাগিব । তেতিয়াহে সমষ্টিটোৱে ভেন্সাৰ এমএলএ ৰ পৰা মুক্ত হ’ব ।

উল্লেখ্য যে, বুধবাৰে লখিমপুৰত ৭০৬ কোটি টকাৰ ৪৮ টা বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা তথা ভূমিপূজনৰ বাবে মুখ্যমন্ত্ৰী গৰাকী পূৰ্ব নিৰ্ধাৰিত সূচী মতে উপস্থিত হয় । তেওঁ এই বিকাশ যাত্ৰাৰ বিভিন্ন কাৰ্যসূচীত ভাগ লয় । পুৱাবেলা প্ৰথমে নাৰায়ণপুৰত নাৰায়ণপুৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তাৰ পিচতেই হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী উপস্থিত হয়গৈ লখিমপুৰৰ চুকুলিভৰীয়াত । চুকুলিভৰীয়াত মুখ্যমন্ত্ৰীয়ে এটা সন্মিলন কেন্দ্ৰৰ উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেলী আন বহু কেইটা প্ৰকল্পৰ শিলান্যাস আৰু ভূমিপুজন কৰে । লখিমপুৰৰ চুকুলিভৰীয়াত এখন জনসভাতো ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীয়ে ভাগ ল’বলৈ যায় নাহৰকটীয়াৰ আন এক কাৰ্যসূচীত । ভাষণ প্ৰসংগত তেওঁ কয় যোৱা দুটা বছৰত উত্তৰ অসম, দক্ষিণ অসম, উজনি অসম নামনি অসম সকলোতে সম-উন্নয়ন হৈছে ।

ভাৰতৰ ৫ খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ হোৱাৰ দিশে অসম আগবাঢ়িছে । তেওঁ বিভিন্ন আঁচনিসমূহৰ ব্যাখ্যা কৰি কয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিও শীঘ্ৰেই মুকলি কৰা হ’ব যি আঁচনিৰ জৰিয়তে নিবনুৱাসকলে ব্যৱসায় কৰিব পাৰিব । মেট্ৰিক পাছ কৰা প্ৰতিগৰাকীকে ১০ হাজাৰ টকাকৈ বেংক একাউন্টত চৰকাৰে দিব । কলেজৰ পৰা ডিগ্ৰীলৈ গ’লে ১২ হাজাৰ ৫০০ টকাকৈ পাব । ডিগ্ৰী পাছ কৰিলে ১৫ হাজাৰ টকা চৰকাৰে সাহায্য হিচাপে দিব ।

লক্ষণীয় যে, লখিমপুৰত মুঠ ৭০৬ কোটিৰো অধিক টকাৰ ব্যয়ৰে ৪৮ টা আঁচনিৰ শিলান্যাস আৰু ভূমিপূজন কৰা হৈছে । জনসভাখনত লখিমপুৰ জিলাৰ ৮ খন চাহ-বাগিচাৰ চিকিৎসালয়ত এম্বুলেন্স বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ উন্নয়ন সন্দৰ্ভত উল্লেখ কৰি কয়, ‘অহা ১৫ টা দিনত ২৩ হাজাৰ কোটি উন্নয়নৰ কাম সম্পূর্ণ কৰিম ৷’ বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী লখিমপুৰ ঢকুৱাখনাত আৱৰ্ত ভৱন, গান্ধী মৈদানৰ শুভ উদ্বোধন কৰে । তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত BSE নাৰ্চৰ প্ৰশিক্ষণ কেন্দ্ৰ সংযোজন কৰাৰ লগতে চলিত বৰ্ষতে লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি কয় ।

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত নৈশযাপন কৰিব আৰু কাজিৰঙাত নৈশ যাপন কৰা প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব । ৯ তাৰিখে লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনৰ দিনা একাংশই বিভিন্ন ইছ্যুত প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰসংগত তেওঁ কয়, ‘সেইদিনা কোনো অসমীয়াই আন্দোলন কৰিব বুলি মই নাভাবো ।’ লখিমপুৰত মুখ্যমন্ত্ৰীগৰাকীৰ বুধবাৰৰ এই কাৰ্যসূচীসমূহত তেওঁৰ সৈতে সাংসদ প্ৰদান বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকা আদিয়েও সহযোগ কৰে ।

লগতে পঢ়ক :নাৰায়ণপুৰত ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details