অসম

assam

ETV Bharat / state

গোটেই অসমখনতে কংগ্ৰেছে এক ব্লু ব্লাডৰ পলিটিক্স আৰম্ভ কৰিছে: মুখ্যমন্ত্রী

ৰকিবুল হুছেইনৰ চামগুৰিৰ নিৰ্বাচনী সভাৰ বক্তব্যসমূহে আকৌ এটা অসমত চলি যোৱা ক'লা অধ্যায়ৰ ইংগিত দিছে নেকি । কেইবাটাও প্ৰসংগক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া ।

CM Himanta Biswa Sarma
কেইবাটাও বিষয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 1:00 PM IST

গুৱাহাটী : "উৰণ সেতু নিৰ্মাণৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰীৰ গছ কাটিব বিচৰা কথাটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত । গছসমূহ পুৰণি ডিচি ক'ৰ্টৰ উদ্যানত সংস্থাপন কৰাৰ চিন্তা কৰা হৈছিল । কিন্তু বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হয় । এচামে বিতৰ্ক কৰি ভালপায় আৰু চানমাৰিৰ উৰণ সেতুখন হোৱাটো নিবিচাৰে । আনহাতে, এচামে প্ৰকৃতিক সঁচাই ভালপায় । সকলো কথা বিবেচনা কৰি আমি অৱশেষত সিদ্ধান্ত ল'লো । নুনমাটিৰ পৰা আহিলে গাড়ী দীঘলীপুখুৰীৰ পাৰতে নমাব পাৰিম আৰু উঠিবৰ বাবে আমি লেম্বৰোডৰ কাষৰ মুখ্য পথতে পাৰিব । এটা বিতৰ্কৰ শেষ হ'ল । উৰণ সেতুখন আমি ভবা মতে কৰিব পাৰিলে ট্ৰেফিক আৰু কম হ'লহেঁতেন । ৰাইজৰ কথা মতে চলাটো মোৰ দায়িত্ব ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

বুধবাৰে নিশা মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দীঘলীপুখুৰীৰ পাৰৰ গছকটাৰ প্ৰসংগৰ লগতে কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইৰ প্ৰসংগত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "হীৰেন গোহাঁয়ে গছৰ বিতৰ্ক চলি থকাৰ মাজতে তেখেতে এটা অযথা বিতৰ্ক আনিলে যে চৰকাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো স্থানান্তৰ কৰিব বিচাৰিছে । আমি নিজেও নাজানো তেনেকুৱা প্ৰস্তাৱ আছিল নেকি । উৰণ সেতু ওপৰৰে যাব আৰু প্ৰতিমূৰ্তিটো তলত থাকিব । তেনেস্থলত প্ৰতিমূৰ্তিটো স্থানান্তৰ কৰাৰ প্ৰয়োজনীয়তাই বা কি । হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে অযথা বিতৰ্ক কৰি প্ৰতিটো কামতে চৰকাৰখনক কেনেকৈ আক্ৰমণ কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা কৰে । পুনৰ কৈছোঁ, গছ কাটিব কোনেও বিচৰা নাছিল ।"

ভাষা গৌৰৱ সপ্তাহ

ভাষা গৌৰৱ সপ্তাহৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "৩ নৱেম্বৰৰ পৰা আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিছো । আজি পৰ্যন্ত ৯৯ হাজাৰটা অনুষ্ঠান সম্পূৰ্ণ হ'ল । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা বাবে ধন্যবাদ জনাই ৯৯ হাজাৰতকৈ বেছি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱাসকলৰ প্ৰতি ধন্যবাদ জনাই প্ৰস্তাৱ লোৱা হৈছে ।"

মিছন বসুন্ধৰা

মিছন বসুন্ধৰা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "মিছন বসুন্ধৰা ইতিমধ্যে আৰম্ভ হৈছে । এই প্ৰচেষ্টাই অসমৰ বহু লোকক তেওঁলোকৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাত সহায় কৰিছে । আজি এন চি গাঁৱৰ লোকেও মাটিৰ পট্টা লাভ কৰিবলৈ আগবাঢ়িছে । বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পট্টা লাভৰ দিশে আগবাঢ়িছে । মিছন বসুন্ধৰা খিলঞ্জীয়া লোকৰ বাবে । গোৰ্খাসকলকো তিনিটা প্ৰজন্মৰ নথিপত্রৰ পৰা ৰেহাই দিয়া হৈছে । চাহ বাগিচাৰ লোকসকলকো ৰেহাই দিয়া হৈছে । কোচ ৰাজবংশী লোকসকলকো উপ-নিৰ্বাচনৰ পাচত তিনি প্ৰজন্মৰ নথি-পত্রৰ ব্যৱস্থাৰ পৰা ৰেহাই দিম । মৰাণ-মটকসকলৰ ক্ষেত্রতো এই ব্যৱস্থা কৰা হ'ব ।"

পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন

উপ-নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "ধলাইত আমি বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিম । বঙাইগাঁৱতো ৰাইজৰ অপাৰ উৎসাহ আৰু উদ্দীপনা । ৰাইজে আমাক হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে । চিদলীতো একেই পৰিৱেশ । চামগুৰি আৰু বিহালীতো যাম । তাৰ পিছত পুনৰ তিনি-চাৰি দিনৰ বাবে মই ঝাৰখণ্ডলৈ যাব লাগিব ।"

এ ডি আৰ ই ৰাজ্যৰ ডাঙৰ পৰীক্ষা

এ ডি আৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "আগতে মেট্ৰিক পৰীক্ষা ডাঙৰ পৰীক্ষা আছিল । এতিয়া এ ডি আৰ ই ডাঙৰ পৰীক্ষা হ'ল । এইবাৰ ১২-১৩ লাখ প্ৰাৰ্থীয়ে পৰীক্ষা দিছে । চাকৰি কম যদিও মানুহৰ মাজত গভীৰ আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে । পঢ়াৰ পৰিৱেশ ভাল হৈছে । আন্দোলন নোহোৱা হৈছে । মধ্যভোগী নোহোৱা হৈছে । যুৱক-যুৱতীৰ মাজত আস্থাৰ পৰিৱেশ হৈছে । আমি এটা নতুন পৰিৱেশ সৃষ্টি কৰিছোঁ ।"

সাংসদ ৰকিবুল হুছেইনৰ চাকৰি দিয়াৰ প্ৰসংগ

সাংসদ ৰকিবুল হুছেইনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "চামগুৰিৰ প্ৰত্যেকখন নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে চাকৰি দিয়াৰ কথা কৈছে । চাকৰি পোৱাসকলে মোৰ লগত নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই । ডাঙৰ ডাঙৰ চাকৰি দিয়াৰ কথা কৈছে । অসমত ২০০৫-২০০৬ চনত পুলিচ কনিষ্টবলৰ নিযুক্তিক লৈ এক বিশাল বিতৰ্ক হৈছিল । তেতিয়া ৰকিবুল হুছেইন গৃহ ৰাজ্য মন্ত্রী আছিল । বহুজনে অভিযোগ কৰিছিল যে ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই সময়ত বহুতো চাকৰি দিয়া হৈছিল । প্ৰমাণো নাছিল আৰু বিশ্বাসো কৰা হোৱা নাছিল । পৰৱৰ্তী সময়ত ৰাইজৰ মাজত বিষয়টো চৰ্চিত হৈ আছিল । কংগ্ৰেছ দলৰ শাসন শেষ হ'ল আৰু ৰাকেশ পালে কোটি কোটি টকাৰ বিনিময়ত কিদৰে চাকৰি দিছিল সেই ক'লা অধ্যায় ৰাইজৰ মাজলৈ আহিল । ৰকিবুল হুছেইনৰ চামগুৰিৰ নিৰ্বাচনী সভাৰ বক্তব্যসমূহে আকৌ এটা অসমত চলি যোৱা ক'লা অধ্যায়ৰ ইংগিত দিছে নেকি । আগৰ নিৰ্বাচনসমূহত চাকৰি পোৱা এই ল'ৰাসকলে তেওঁক কেনেকে সহায় কৰিছিল জানিবলৈ বহুত মন গৈ আছে । নিৰ্বাচনৰ পাচত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম । কংগ্ৰেছৰ দিনত এনেকে আৰু কিমান ঘটনা ঘটি গ'ল ।"

পিতৃ পৰিচয়ৰে ৰাজনীতি কোনে কৰিছে

বংশগত ৰাজনীতিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ পৰিয়ালবোৰ সৰু পৰিয়াল আছিল । জীৱনত সংগ্ৰাম কৰি আজিৰ পৰ্যায়ত আহিছোঁ । অসমত এনে বহু ব্যক্তি আছে যিয়ে জীৱনত পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ আজি বহু আগুৱাই গৈছে । পিতৃ-মাতৃ আমাৰ গৌৰৱৰ পৰিচয় । কিন্তু বহুজন ইমান সৌভাগ্যৱান নহয় যে পিতৃৰ পৰিচয়ৰ বাবেই নিৰ্বাচন খেলিব পাৰো । পিতৃৰ পৰিচয়ৰ বাবে ৰাজনীতি কৰিব পাৰো । একপ্ৰকাৰ ব্লু ব্লাড তথা নীলা তেজ লৈ, সোণৰ চামুচ লৈ জন্ম হোৱা লোকৰ বাবেই যেন ৰাজনীতিৰ পথাৰখন । চামগুৰিৰ নিৰ্বাচন আৰু অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশে ৰাজনীতিত নীলা তেজ, পিতৃৰ পৰিচয় এই গোটেই ফেমেলি লেট পলিটিক্সক আকৌ এবাৰ আগুৱাই লৈ আহিছে । চামগুৰি, নাজিৰা, যোৰহাট, বৰক্ষেত্রী গোটেই অসমখনতে কংগ্ৰেছে এক ব্লু ব্লাড পলিটিক্স আৰম্ভ কৰিছে । দিপ্লুৰঞ্জন শৰ্মাৰ পিতৃ কেতিয়াও ৰাজনীতিত নাছিল । পীযুষ হাজৰীকাৰ পিতৃ কোনো মুখ্যমন্ত্রী, মন্ত্রী নাছিল । বিজেপিৰ ৯৯ শতাংশ বিধায়ক তথা নেতাৰ আমি পিতৃ পৰিচয় কোনেও নাজানো । ৰাজনীতিৰ পথাৰখনলৈ তেনে লোক আহক যিসকলে বংশক প্ৰতিনিধিত্ব নকৰে ।"

মুখ্যমন্ত্রীয়ে সলোকে ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে । ৰাজ্য চৰকাৰৰ পিতৃ-মাতৃ বন্দনা আঁচনিৰ প্ৰসংগও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ পাপ্পু যাদৱৰ
লগতে পঢ়ক :বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰীৰ জয় নিশ্চিত : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details