গোৱালপাৰা :শুকুৰবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দুধনৈত মুখ্যমন্ত্ৰীয়ে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় শুভ উদ্বোধন কৰে । ইয়াৰ উপৰি একেটা চৌহদতে থকা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সংগ্ৰহালয় আৰু ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰে । আনহাতে, ৰাভা জনজাতীয় লোকসকলৰ ৰজা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তিনিটাকৈ শুভ উদ্বোধনী কাৰ্যসূচীৰ পিছত এখন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আদৰণী ভাষণ আগবঢ়োৱা জনসভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক নৱবৰ্ষৰ শুভকামনা জনায় ।
ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, "ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ সন্মতি প্ৰকাশ কৰি ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে । চলিত বৰ্ষতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাভা সংগ্ৰামী সংগঠনৰ সৈতে ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে বিষয়টো আগুৱাই নিয়াৰ পোষকতা কৰা হৈছে । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ সংগ্ৰামখনত আমাৰ সম্পূৰ্ণৰূপে সমৰ্থন আছে ।"