যোৰহাট : যোৰহাটৰ বৰহোলাৰ অ' এন জি চিৰ জি জি এছত (গ্ৰুপ গেদাৰিং ষ্টেচন) মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এজন বিষয়া । বৰ্তমান অগ্নি নিৰ্বাপণৰ প্ৰচেষ্টা অব্যাহত আছে ।
যোৰহাটৰ বৰহোলাৰ শিলডুবিস্থিত অ' এন জি চিৰ জি জি এছত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে বিয়লি যোৰহাটৰ শিলডুবিস্থিত অ' এন জি চিৰ জি জি এছত হঠাতে জুইৰ সূত্ৰপাত হয় । ফলত নিমিষতে জুয়ে গ্ৰাস কৰে জি জি এছৰ সমগ্ৰ এলেকা । জুইৰ লেনিহান শিখা ইমানেই দ্ৰুত আছিল যে তৎক্ষণাত বিস্তৃত এলেকা জুয়ে আৱৰি ধৰে । ফলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে অন্য স্থানৰ পৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ বহু প্ৰচেষ্টাৰ পাছত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে অ' এন জি চিৰ জি জি এছত সংঘটিত এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে জুইৰ শিখা আৰু ধোঁৱা বহু দূৰৈৰ পৰা প্ৰত্যক্ষ কৰিব পৰা গৈছে । ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে কিমান ভয়াৱহ ৰূপত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।
আনহাতে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৰাহুল দত্ত নামৰ এজন বিষয়াই অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগা হয় । ৰাহুল দত্তৰ ঘৰ কলকাতাত বুলি অ’ এন জি চি শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । ইতিমধ্যে উক্ত স্থানত অ' এন জি চিৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈছে ।
কিন্তু উক্ত অগ্নিকাণ্ডৰ কিদৰে সূত্ৰপাত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । লগতে সমগ্ৰ অঞ্চলটো বৰ্তমান প্ৰশাসনৰ তীক্ষ্ণ নজৰত ৰাখিছে আৰু কিদৰে এই জুই নিৰ্বাপিত কৰিব পৰা যায় এই বিষয়ে আলোচনাত মিলিত হোৱা বুলি এক বিশেষ সূত্ৰে খবৰ পোৱা গৈছে । ইফালে এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতঙ্কৰ সৃষ্টি কৰিছে ।
১০-১২ বছৰ পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা
ইফালে অ' এন জি চিৰ জি জি এছসমূহ আধুনিকীকৰণ নকৰাৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই অভিযোগ অসম জাতীয়বাদী যুৱ-ছাত্র পৰিষদৰ ।
আনহাতে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ তথ্য অ' এন জি চিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই লুকুৱাই ৰখাৰো অভিযোগ উঠিছে । কিয়নো এই বিষয়ে সাংবাদিক তথা দল-সংগঠনক একে জানিবলৈ দিয়া নাই । লগতে সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে ।
এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ এগৰাকী বিষয়ববীয়াই কয়, "বৰহোলা অ' এন জি চিৰ জি জি এছসমূহ অতি পুৰণিকলীয়া আৰু ইয়াৰ আধুনিকীকৰণত অ' এন জি চিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ বাবে এই অগ্নিকাণ্ডৰ ঘটনাৰ সূত্ৰপাত হ'ল । বিভিন্ন সময়ত বৰহোলা জি জি এছসমূহ অন্য কোম্পানীক শোষণৰ বাবে আৱণ্টন দি আহিছে । কিন্তু জি জি এছসমূহ উন্নতকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।"
আনহাতে এই বিষয়ে যোৰহাটৰ চিনামৰাস্থিত অ'এন জি চি কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি উল্লেখ কৰি তেওঁ কয়, "এই ক্ষেত্ৰত অ'এন জি চি কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে ।"
ইয়াৰ উপৰি ঘটনা সংঘটিত হোৱাৰ পিছত উক্ত অঞ্চলত সাংবাদিকৰ প্ৰৱেশত বাধা দিয়া কাৰ্যকো গৰিহণা দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।
উল্লেখ্য যে আজিৰ পৰা ১০-১২ বছৰ পূৰ্বেও উক্ত স্থানতে অনুৰূপ ঘটনা সংঘটিত হৈছিল । জানিব পৰা মতে, এইপৰ্যন্ত এই ভয়ংকৰ অগ্নিকাণ্ডত অ' এন জি চিৰ ৰাহুল দত্ত নামৰ এজন বিষয়া জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি সতীৰ্থ সাংবাদিকে অৱগত কৰিছে ।
অ' এন জি চি কৰ্তৃপক্ষৰ বিবৃতি প্ৰকাশ
ইফালে এই ঘটনা সংঘটিত হোৱাৰ বহু সময় পিছত অ' এন জি চি কৰ্তৃপক্ষৰ তৰফৰ পৰা এক বিবৃতি প্ৰকাশ কৰা হয় ।
অ' এন জি চিৰ এগৰাকী বিষয়াই পাঠ কৰা বিবৃতিটোত কোৱা হৈছে, "২০২৫ চনৰ জানুৱাৰীৰ ৭ তাৰিখে বিয়লি প্ৰায় ৩.২০ বজাত অ' এন জি চিৰ বৰহোলা জি জি এছত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । হিটাৰ ট্ৰিটাৰ আৰু পানীৰ পৰা তেল পৃথকীকৰণ সঁজুলিত এই অগ্নিকাণ্ড সংঘটিত হয় । কাম কৰি থকাৰ সময়তে হিটাৰ ট্ৰিটাৰৰ এটা হিটাৰত জুই লাগে । অগ্নিনিৰ্বাপক দলে লগে লগে জুই নিৰ্বাপণ কৰিবলৈ কামত লাগি পৰে আৰু জুই নিয়ন্ত্ৰণলৈ আনে । এছ ই প্ৰডাকচনৰ ৰাহুল দত্ত নামৰ এগৰাকী কৰ্মচাৰী অগ্নিদগ্ধ হয় আৰু ততালিকে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । যোৰহাট মেডিকেল কলেজৰ চিকিৎসকে অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যু হোৱাটো নিশ্চিত কৰে । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে ।"
উল্লেখ্য যে অ' এন জি চিৰ বিষয়াসকলে আন কোনো লোক আহত হোৱাৰ খবৰ খাৰিজ কৰে ।