অসম

assam

ETV Bharat / state

এই বছৰ ৪০-৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য; হাউলীত মুখ্যমন্ত্ৰীৰ ঘোষণা - ASSAM CM AT HOWLY RAAS MANDIR

ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহৰ ভিতৰত এ ডি আৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ।

Assam CM at Howly Raas Mandir
হাউলী ৰাস মন্দিৰত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 8:26 PM IST

বৰপেটা : মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত পোনে পোনে বৰপেটাৰ হাউলীত উপস্থিত হয় । হাউলীত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই হাউলী ৰাস মন্দিৰত শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা জনায় । ৰাস মন্দিৰত সেৱা জনোৱাৰ পিছতে মুখ্যমন্ত্রীয়ে হাউলী ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে বিগত ৰাস মহোৎসৱত হাউলী ৰাস উদযাপন সমিতিয়ে মুখ্যমন্ত্রীক আমন্ত্ৰণ জনাইছিল । কিন্তু ৰাস মহোৎসৱৰ সময়ত মুখ্যমন্ত্রী উপস্থিত থাকিব নোৱৰাৰ বাবে মঙলবাৰে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত মুখ্যমন্ত্রীয়ে হাউলী ৰাস মন্দিৰত উপস্থিত হৈ সেৱা জনায় ।

হাউলী ৰাস মন্দিৰত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে হাউলী ৰাস মন্দিৰ পৰিচালনা সমিতিৰ অনুৰোধক্ৰমে ৰাস মহোৎসৱৰ বাবে এটা শতবৰ্ষ ভৱন নিৰ্মাণৰ প্ৰাককলন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্রীয়ে হাউলীৰ পৰা বৰপেটা চহৰ সংযোগী হাজো হৈ গুৱাহাটীলৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ কথাও প্ৰকাশ কৰে । এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে মাটি অধিগ্ৰহণকে ধৰি প্ৰাৰম্ভিক কামখিনি ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে ।

হাউলী ৰাস মন্দিৰত আশিস গ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

আনহাতে, নতুন বছৰটোত ৰাজ্য চৰকাৰে প্ৰায় ৪০-৫০ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, "ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহৰ ভিতৰত ADR পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব ।"

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্রীৰ মন্তব্য, "উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূর্ণ হোৱাৰ পিছদিনাখনেই পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব ।" ইপিনে ইউনিফৰ্ম চিভিল কোডক লৈ মুখ্যমন্ত্রীৰ মন্তব্য, "ইউ চি চিক লৈ অসমত কোনেও আপত্তি কৰা নাই । এনেয়ে মুছলমানক বদনাম কৰিব নালাগে । আজিকালি কোনো মুছলমান লোকেই এটাৰ ওপৰত বিয়া নকৰায় ।"

অনুৰাগীৰ মাজত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

লগতে বৰপেটা প্ৰটেক্টেড এৰিয়া বিল আইনত পৰিণত হোৱাৰ পিছত এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে পঠোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক :শ্বহীদ দিৱসত পথৰুঘাটত সাতকুৰি কৃষক শ্বহীদক স্মৰণ; স্মাৰক ডাক টিকট মুকলি - PATHARUGHAT PEASANT UPRISING
লগতে পঢ়ক :প্ৰায় আঢ়ৈশ বছৰ পুৰণি বিশ্বাস, আস্থা আৰু ৰহস্যৰে ভৰা খনিকৰ পুথিৰ পাঠ - KHANIKAR PUTHI

ABOUT THE AUTHOR

...view details