চিৰাং, 24 মাৰ্চ :সমাগত লোকসভা নিৰ্বাচন ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ নেতা-কৰ্মীৰে দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰে ৷ আজি হেলিকপ্তাৰ যোগে ঢালিগাঁৱলৈ আহে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীয়ে পোনতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ জিলা সমিতি, মণ্ডল, বিভিন্ন মৰ্চা সমূহৰ সভাপতি সম্পাদকসকল উপস্থিতিত সকলোকে সাক্ষাৎ কৰে ৷ মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মীসকলক সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনোৱাৰ লগতে সৰ্বাধিক ভোটত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰিবলৈ আহ্বান জনায় ৷
এই বৈঠকৰ পাচতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অশোক সিংঘাল, বিজনীৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সম্পাদক অজয় কুমাৰ ৰায়ৰ লগতে ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ উপস্থিতিত বিজেপি, অগপ আৰু ইউ পি পি এল কাৰ্যকৰ্তাৰ সৈতে এি বৈঠকত মিলিত হয় ৷ এই বৈঠকখনত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচনৰ কাম-কাজৰ ওপৰত আলোচনা কৰে ৷ এই বৈঠকত অগপৰ কোকৰাঝাৰ আৰু বিজনী জিলা সমিতিৰ নেতৃত্বই অংশগ্ৰহণ কৰে ৷