গুৱাহাটী :আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব মেগা ঝুমুৰ নৃত্য । একেদৰে খানাপাৰাত আয়োজিত এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনী কাৰ্যসূচীতো উপস্থিত থাকিব প্ৰধানমন্ত্ৰী । যাৰ বাবে ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনে 'ঝুমইৰ বিনন্দিনী' কাৰ্যসূচীৰ লগতে এডভাণ্টেজ আছাম ২.০ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । সমান্তৰালকৈ প্ৰধানমন্ত্ৰীক আদৰিবলৈও সাজু হৈছে ৰাজ্য চৰকাৰ ।
প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই প্ৰধানমন্ত্ৰীৰ আদৰাৰ সকলো ব্যৱস্থাৰ তদাৰক কৰিছে । বিমানবন্দৰ, সৰুসজাই আৰু খানাপাৰাত তেওঁ উপস্থিত হৈ সকলো ব্যৱস্থা পৰিদৰ্শন কৰিছে । তাৰ মাজতে নিশা মুখ্য়মন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত কয়, "আমাৰ বিষয়াসকলে, মন্ত্ৰীসকলে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে অহাকালিলৈকে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিব পাৰো । ৫.৩০ বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব । সৰুসজাইত তেখেত ৭.৩০ বজালৈকে থাকিব । ৭.৩০ বজাত তেখেত খানাপাৰাত আহিব আৰু আমি ইয়াতে আয়োজন কৰা প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰিব । প্ৰায় ৪০ মিনিট সময় তেওঁ প্ৰদৰ্শনীখন চাব । প্ৰদৰ্শনীৰ প্ৰথম পৰ্যায়ত আমি কাজিৰঙা, মুগা, অসমৰ দক্ষতা বিশ্ববিদ্যালয়, আন্তঃগাঁথনি আদিৰ 'প্ৰাউড অৱ আছাম' বুলি এটা চেগমেণ্ট কৰিছো । পৰৱৰ্তী পৰ্যায়ত 'ফিউচাৰ অৱ আছাম', ছেমিকণ্ডাক্টৰ, ৰিলায়েন্স, গুৱাহাটী বিমানবন্দৰ আদি ৰাখিছো । তাৰ আগলৈ আৰু তিনিটা ব্লক আছে...।"
এডভাণ্টেড আছামৰ উদ্বোধনী অনুষ্ঠানত থাকিব প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশা আমাৰ ১ নম্বৰ গেষ্ট হাউচত কটাব । পিছদিনা পুৱা ১০.৩০ বজাৰ পৰা আমাৰ ইয়াতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব । উদ্বোধনী অনুষ্ঠানৰ বাবে আমি মানুহক নিমন্ত্ৰণ কৰিছো । পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী ১.৩০ বজাত বিহাৰলৈকে যাব ।