অসম

assam

ETV Bharat / state

মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case - ASSAM CM REACTS ON DHING RAPE CASE

Dhing rape case: ধিংকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৰাইজক তেওঁ বিশেষ আহ্বানো জনালে ।

Dhing rape case
ASSAM CM REACTS ON DHING RAPE CASE (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 3:03 PM IST

নিউজ ডেস্ক,২৩ আগষ্ট : নগাঁও জিলাৰ ধিঙৰ ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ৰাইজ তথা বিভিন্ন দল-সংগঠনে দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব: ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat)

মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে । লগতে এইক্ষেত্ৰত কঠোৰ আৰু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও তেওঁ নিৰ্দেশ দিছে ।

ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা ২২ টা ঘটনা সংঘটিত হৈছে আৰু এইটো ২৩ নম্বৰ । এই গোটেই ঘটনা বিলাকৰ লগত কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে । লোকসভা নিৰ্বাচনৰ পিছতে তেওঁলোকে বহুত উৎসাহ পাই আছে, এটাৰ পিচত এটা ঘটনা কৰি আছে । আমি কঠোৰ পদক্ষেপ ল’ম । এতিয়া মই ধিঙলৈ ডি জি পিক পঠিয়াইছো । তেওঁ কঠোৰ পদক্ষেপ ল'ব । পীযুষ হাজৰীকাকো মই যাব দিছো ।’’

খিলঞ্জীয়া ভয় আৰু সন্ত্ৰাসৰ মাজত জীয়াই আছে

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "মই সদায় কৈ থাকো যে আমাৰ অসমৰ নামনি আৰু মধ্য অসম, বৰাক উপত্যকা আদিৰ দৰে ঠাইত আমাৰ খিলঞ্জীয়া মানুহ বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে । অসমৰ মানুহে যিমানে এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল । বাকী আইনত যি ব্যৱস্থা ল'ব লাগে মই লম । এই ঠাইবোৰত আমাৰ মানুহবোৰ কেনেকৈ থাকে, কিমান কষ্টত থাকে আমি যিমানে সংবেদনশীল হওঁ সিমানে আমাৰ মানুহবোৰে সুৰক্ষা পাব ।"

ধিঙত এনে ঘটনা প্ৰথম নহয়

ধিঙৰ ঘটনাৰ প্ৰতিক্ৰিয়া উল্লেখ কৰি তেওঁ কয়, "ধিঙত এইটো ঘটনা প্ৰথম নহয় । যি যি স্থানত আমাৰ খিলঞ্জীয়া মানুহ সংখ্যালঘু হৈছে সেই স্থানত আমাৰ মানুহ সদায় সমস্যাত থাকে । কিন্তু যিবোৰ স্থানত আমাৰ সংখ্যাগৰিষ্ঠ আছে তাৰ মানুহবোৰে এই মানুহবোৰৰ কথাটো অনুভৱ নকৰে । অসমত কিবা ঘটনা হ'লেই অসমীয়া-বাঙালী কৰি দিয়ে ৷ কিন্তু বাঙালী মানুহে ছোৱালীৰ ওপৰত হাত নিদিয়ে । আমাৰ শত্ৰু কোন, মিত্ৰ কোন মানুহে আজিলৈ উলিয়াব নোখোজে বা মানুহে উপেক্ষা কৰে । সেইটোৱে আজিৰ আমাৰ ডাঙৰ সমস্যা । চৰকাৰে পদক্ষেপ লৈ থাকিব ৷ কিন্তু মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ।"

লগতে পঢ়ক :নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ABOUT THE AUTHOR

...view details