গুৱাহাটী, ১১ মাৰ্চ :মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰাক উপত্যকাৰ কিৰণশ্বেখ সম্প্ৰদায়ৰ বাবে কিৰণশ্বেখ উন্নয়ন পৰিষদ গঠন কৰা হ'ব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি জাগীৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব আৰু য'ত বিনিয়োগ হ'ব ২৭ হাজাৰ কোটি টকা । অহা ১৩ মাৰ্চত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি ইয়াৰ আধাৰশিলা স্থাপন কৰিব ।
অসম চৰকাৰে আসাম ছেমিকণ্ডাক্টৰ পলিচি-২০২৩ৰ যোগেদি টাটা ইণ্ডাষ্ট্ৰিক সকলো সা-সুবিধা দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত লয়। এই উদ্যোগৰ যোগেদি অসমৰ ক্ষেত্রত নিয়োগ সৃষ্টি হ'ব বুলি তেওঁ কয় । এই ছেমিকণ্ডাক্টৰ ফেক্টৰীৰ বাবে টাটা গ্ৰুপে বিনিয়োগ কৰিব ২৭ হাজাৰ কোটি টকা ।
আনহাতে, কেবিনেটে মণিপুৰীৰ মেইটেই স্ক্ৰিপ্ট পাঠ্যপুথিৰ যোগেদি প্ৰাথমিক শিক্ষা ব্যৱস্থাত সংযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যোৰহাট নগৰ পানী যোগান আঁচনিৰ যোগেদি ২৪ ঘণ্টাই পানী যোগান ধৰাৰ বাবে কেবিনেটে ১৯১.৯৪ কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনায় ।