অসম

assam

লখিমপুৰত বুধবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক - Cabinet meeting in Lakhimpur

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 3:47 PM IST

Cabinet meeting in Lakhimpur: বুধবাৰে লখিমপুৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকৰ বাবে আজি লখিমপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ লখিমপুৰত কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে জিলাখনত কেইবাটাও অভিলাসী প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷

Cabinet meeting in Lakhimpur
লখিমপুৰত বুধবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (ETV Bharat Assam)

লখিমপুৰ, ৩ ছেপ্টেম্বৰ:লখিমপুৰত চাৰি ছেপ্টেম্বৰত অৰ্থাৎ বুধবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । লখিমপুৰ নগৰৰ সমীপৰ চুকুলভৰিয়াত থকা কনভেনশ্যন চেন্টাৰত অনুষ্ঠিত হ’ব এই বৈঠক । প্ৰায় নব্বৈ শতাংশ মন্ত্রীয়ে এই বৈঠকত অংশগ্রহণ কৰাৰ কথা নিশ্চিত কৰিছে । কেবিনেটত ৰাজ্যৰ খিলঞ্জীয়াৰ স্বাৰ্থত একাধিক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লখিমপুৰত বুধবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (ETV Bharat Assam)

লখিমপুৰত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । বুধবাৰে বিয়লি পাঁচ বজাত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠকখন ৷ এই বৈঠকত অংশগ্ৰহণৰ বাবে আজি লখিমপুৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ জিলাখনত তিনিদিন বাহৰ পাতি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে জিলাখনত কেইবাটাও অভিলাসী প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷ তেওঁ নগৰৰ সমীপৰ জাপিসজীয়াৰ জাবৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে চাবতিৰ আই এছ বি টি, ষ্টেডিয়াম, নকাৰীৰ উৰণ সেতু, ঘাগৰ দলং আদিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’ব ৷

লগতে পঢ়ক:চতিয়া আৰু জামুগুৰিবাসীৰ ঐতিহাসিক আন্দোলনক স্বীকৃতি - Assam Assembly Autumn Session

ইফালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট কৰি এই কেবিনেট বৈঠকৰ লগতে তেওঁৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তেওঁৰ পোষ্টটোত কয়, "৪ দিনীয়া কাৰ্যসূচী লৈ অসমৰ ৫ খন জিলা - শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ ৰাওনা হৈছো । আমি এই ৪ দিনত কেইবাটাও মাইলৰ খুঁটি সামৰি লম:

  • ১৯৪২ চনত চতিয়া থানাত জাতীয় পতাকা উত্তোলন কৰা আমাৰ বীৰ শ্বহীদসকলক সন্মান জনোৱা
  • আমাৰ গুৰুজনা - শ্ৰীশ্ৰী মাধৱদেৱ আৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ আশীৰ্বাদ লম
  • লখিমপুৰত অসম কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰি কিছু গুৰুত্বপূৰ্ণ কল্যাণমূলক সিদ্ধান্ত লোৱা
  • আমি ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰিম
  • নতুন প্রকল্প উচৰ্গা কৰাৰ উপৰি আগন্তুক শিক্ষানুষ্ঠানৰ বাবে স্থান পৰিদৰ্শন কৰি নির্মাণকাৰ্যসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিম ।"

ৰাজ্য চৰকাৰৰ এই কেবিনেট বৈঠক আৰু মুখ্যমন্ত্রীৰ ভ্ৰমণসূচীক লৈ সম্প্ৰতি জিলাখনত তুমুল ব্যস্ততা চলিছে । কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কিছুদিনৰ পূৰ্বে লখিমপুৰত এই কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সেইসময়ত বৈঠকখন বাতিল কৰা হৈছিল । ইয়াৰ পাছত কাইলৈ অৰ্থাৎ বুধবাৰে লখিমপুৰত এই বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় ।

লগতে পঢ়ক:নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক - Assam cabinet meeting in Nalbari

ABOUT THE AUTHOR

...view details