অসম

assam

ETV Bharat / state

শীতৰ কুঁৱলীয়ে মায়াময় কৰিছে গ্ৰন্থমেলাৰ বাকৰি - ASSAM BOOK FAIR 2024

অসম গ্ৰন্থমেলাত এইবাৰ গল্প-উপন্যাসৰ লগতে অনুবাদ সাহিত্য আৰু শিশু সাহিত্যই গুৰুত্ব লাভ কৰিছে ৷ ভাৰতৰ ৫ খন গ্ৰন্থমেলাৰ ভিতৰত অন্যতম অসম গ্ৰন্থমেলা ৷

ASSAM BOOK FAIR 2024
অসম গ্ৰন্থমেলাত ৪ কোটি ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 10:00 PM IST

গুৱাহাটী: পুহমহীয়া শীতকো নেওচি গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে অসম গ্ৰন্থমেলাত । অসম গ্ৰন্থমেলাত এইবাৰ গল্প-উপন্যাসৰ লগতে অনুবাদ সাহিত্য আৰু শিশু সাহিত্যই গুৰুত্ব লাভ কৰিছে । এইবাৰ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা দুকুৰি গ্ৰন্থৰ ভিতৰত অনুবাদ সাহিত্য আৰু শিশু সাহিত্যক পাঠক সমাজে বিশেষ গুৰুত্ব দিছে এই মন্তব্য অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ ।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ই টিভি ভাৰতৰ আগত কয়, "গ্ৰন্থমেলাই অষ্টম দিন পাৰ কৰিছে । গ্ৰন্থমেলা সফল হৈছে । গ্ৰন্থ আন্দোলন এটা আৰম্ভ হৈছে । ভাৰতৰ ৫ খন গ্ৰন্থমেলাৰ ভিতৰত অসম গ্ৰন্থমেলাখন এখন । এই বৰ্ষটো মুখ্যমন্ত্ৰীয়ে কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাৰ পাছৰে পৰা গ্ৰন্থমেলাই এক অন্য মাত্ৰা লাভ কৰিছে ।"

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা (Etv Bharat Assam)

বৰ্তমানলৈ কিমান টকাৰ গ্ৰন্থ বিক্ৰী হৈছে

প্ৰমোদ কলিতাই কয়, "গ্ৰন্থমেলাৰ অষ্টম দিনলৈ ৪ কোটি ৪০ লাখ টকাৰ গ্ৰন্থৰ বিক্ৰী হৈছে । বাকী থকা চাৰি দিনতো পাঠকৰ সঁহাৰি লাভ কৰিম বুলি আশাবাদী ।"

লগতে পঢ়ক:বিয়পিল গ্ৰন্থৰ সুবাস: শীতৰ সন্ধিয়া উমাল হ'ব খানাপাৰাত

গ্ৰন্থমেলাত কি কি গ্ৰন্থ বিক্ৰী হৈছে?

প্ৰমোদ কলিতাৰ মতে, "পূৰ্বতে গ্ৰন্থমেলাত উপন্যাস আৰু গল্পৰ গ্ৰন্থহে বিক্ৰী হৈছিল । কিন্তু এইবাৰ গ্ৰন্থমেলাত উপন্যাস, গল্প, প্ৰৱন্ধ, শিশু গ্ৰন্থ বিক্ৰী হৈছে । বৰ্তমানো ক’ব পৰা হোৱা নাই কোনখন গ্ৰন্থ সৰ্বাধিক বিক্ৰী হৈছে ।"

অনুবাদ সাহিত্যৰ ক্ষেত্ৰl কি পদক্ষেপ লৈছে অসম প্ৰকাশন পৰিষদে

প্ৰমোদ কলিতাই কয়, "যোৱা বছৰ আমি এটা অনুবাদ প্ৰকল্প কৰিছিলো । তাত শিশু গ্ৰন্থক অগ্ৰাধিকাৰ দিছিলো । ৫ খন বড়ো, ৬ খন বাংলা গ্ৰন্থৰ লগতে ইংৰাজী আৰু হিন্দীৰ পৰাও কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা হৈছে । যোৱাবাৰ কিছু সংখ্যক গ্ৰন্থ প্ৰকাশ পাইছিল আৰু এইবাৰ ৪১ খন গ্ৰন্থ প্ৰকাশ পাইছে । বিশেষকৈ শিশু-কিশোৰৰ বাবে সততে পঢ়িব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱকে ধৰি আনন্দৰাম বৰুৱা, গোপীনাথ বৰদলৈ আদি মহান ব্যক্তিসকলৰ এলানি গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ৮ খন বিজ্ঞান বিষয়ক গ্ৰন্থ প্ৰকাশ কৰা হৈছে । অহা বছৰ ১০০ খন গ্ৰন্থ প্ৰকাশ কৰাৰ লক্ষ্য লোৱা হৈছে । তদুপৰি ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী, বাংলা, বড়ো ভাষাত মহান ব্যক্তিসকলৰ জীৱনী প্ৰকাশ কৰাৰ লক্ষ্য লোৱা হৈছে ।"

লগতে পঢ়ক:এইবাৰৰ গ্ৰন্থমেলাত নাই বাংলাদেশৰ আকৰ্ষণ: অস্থিৰতাত চুবুৰীয়া ৰাষ্ট্ৰখন

গ্ৰন্থমেলাত সুবাস বিলাইছে কেইবাগৰাকী সাংবাদিকৰ গ্ৰন্থই:

এইবাৰ গ্ৰন্থমেলাত কেইবাগৰাকী জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকৰ গ্ৰন্থই পাঠকৰ মাজত সমাদৰ লাভ কৰিছে । জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ 'বিজেপিক কিয় ভোট নিদিব ?, 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তৰ 'কেনেকৈ হ'ব পাৰি জনপ্রিয় লেখক', জ্যেষ্ঠ সাংবাদিক প্রশান্ত ৰাজগুৰুৰ 'সাগৰ হেৰোৱাৰ দুখ', মনোজ কুমাৰ গোস্বামীৰ ‘মাৰাডোনাৰ ঘড়ী’, জিতুমণি বৰাৰ 'হেৰাই যোৱা দেউতাক', 'পিতৃভূমি', প্রণয় বৰদলৈৰ 'হিমালয়ৰ দুৰ্জেয় শিখৰত', অদীপ কুমাৰ ফুকনৰ ‘ব্ৰহ্মপুত্ৰ’, ড৹ কুমুদ দাসৰ ‘মই মানুহ হ'ব খোজো‘, ৰণেন গোস্বামীৰ ‘নকৈ নোৱাৰো ফটামুখ’, মুনীন্দ্ৰ দাসৰ ‘অসমৰ মুছলমানৰ ৰাজনৈতিক ইতিহাস’, মন্টু শইকীয়াৰ ‘জীৱন ডটকম’, গোকুল তালুকদাৰৰ ‘মুক্তিকামীৰ নিনাদ’, ৰঞ্জিত পাটগিৰিৰ 'জেওৰা', খনীন্দ্ৰ কুমাৰ ডেকাৰ 'ৰতন টাটা' গ্ৰন্থকেইখনকে ধৰি আৰু সাংবাদিকৰ কেইবাখনো গ্ৰন্থই এইবাৰৰ গ্ৰন্থমেলাত পঢ়ুৱৈক আকৰ্ষণ কৰিছে ।

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে এইবাৰ প্ৰথমবাৰলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে । ৭ জানুৱাৰীত অন্ত পৰিব এই গ্ৰন্থমেলা ৷

লগতে পঢ়ক:বিপণিত হেঁপাহৰ গ্ৰন্থখন বিচাৰি গ্ৰন্থপ্ৰেমীৰ ভিৰ

ABOUT THE AUTHOR

...view details