অসম

assam

আগন্তুক অলিম্পিকৰ বাবে অসমত ১০-১৫ গৰাকী লাভলীনা সাজু হৈ উঠক: লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 8:46 AM IST

Updated : Aug 14, 2024, 9:31 AM IST

Paris Olympics experience of Lovlina: পেৰিছ অলিম্পিকৰ কিছু ভাল-বেয়া অভিজ্ঞতা বৰ্ণনা কৰি আবেগিক অসম কন্য়া লাভলীনা বৰগোহাঁই । কোনো চাপ নোহোৱাকৈ খেলি পেৰিছত পৰাজিত হোৱাৰ পিছত পৰৱৰ্তী অলিম্পিকৰ বাবে চলাব প্ৰস্তুতি ।

Paris Olympics experience of Lovlina
লাভলীনা বৰগোহাঁই (ETV Bharat Assam)

গুৱাহাটী, ১৪ আগষ্ট:পেৰিছ অলিম্পিকত পদক অৰ্জন কৰাত ব্য়ৰ্থ হ'লেও কোটি কোটি ক্ৰীড়ানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসম কন্য়া লাভলীনা বৰগোহাঁইয়ে পৰৱৰ্তী অলিম্পিকৰ বাবে এতিয়াৰে পৰাই চলাব কঠোৰ অনুশীলন । কাৰণ দেশবাসীৰ লগতে অসমৰ লাখ লাখ ক্ৰীড়ানুৰাগীৰ আশা বাস্তৱত ৰূপায়িত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞাবদ্ধ লাভলীনা বৰগোহাঁই ।

লাভলীনা বৰগোহাঁই (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন বক্সাৰগৰাকীয়ে পেৰিছ অলিম্পিকৰ কিছু ভাল-বেয়া অভিজ্ঞতা বৰ্ণনা কৰাৰ সময়ত আবেগিক হৈ ব্য়ক্ত কৰিলে মনৰ কথা ।

সপোন পূৰণ কৰিব নোৱাৰিলেও ভাগৰি পৰা নাই:

লাভলীনা বৰগোহাঁইয়ে পেৰিছ অলিম্পিকত ব্য়ৰ্থ হোৱাত মনত কিদৰে বেজাৰ অনুভৱ কৰিছে, সেয়া ব্য়ক্ত কৰি কয়, "মই বহুত ডাঙৰ সপোন লৈ অলিম্পিকলৈ গৈছিলো । কিন্তু সেই সপোন পূৰণ কৰিব নোৱাৰিলো । আজি মই মনত বহুত দুখ পাইছো । ক'ত কেনেকৈ মোৰ ভুল হৈ গ'ল, আজিও বুজি নাপালো । তথাপি অসমবাসীয়ে মোক দিয়া মৰম আৰু প্ৰেৰণাৰ বাবে সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ" ৷

পৰাজিত হোৱাৰ পিচতো সমৰ্থন:

অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত আন্তৰ্জাতিক খ্য়াতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত পেৰিছ অলিম্পিকৰ পৰা বিদায় লৈ অসমত পদাৰ্পণ কৰাৰ পিচতেই কিছু ভাল-বেয়া অভিজ্ঞতা বৰ্ণনা কৰিলে বক্সাৰগৰাকীয়ে ।

নিজৰ অভিজ্ঞতা সন্দৰ্ভত দিয়া ভাষণৰ আৰম্ভণিতে আবেগিক হৈ পৰে লাভলীনা । কান্দি কান্দি নিজৰ অলিম্পিকৰ অভিজ্ঞতা বৰ্ণনা কৰি বক্সাৰগৰাকীয়ে কয়, "পৰাজিত হৈ অহাৰ পিচতো মোক সকলোৱে সমৰ্থন কৰিছে । মোক সমালোচনা কৰাৰ পৰিৱৰ্তে সকলোৱে উৎসাহ যোগাইছে । সদায় মই নিজকে সাজু কৰিম যাতে অসমৰ কাৰণে কিবা কৰিব পাৰো" ৷

অসমত ১০-১৫ গৰাকী লাভলীনা সাজু হৈ উঠক:

এই অনুষ্ঠানতেই লাভলীনা বৰগোহাঁয়ে আগন্তুক দিনত অসমৰ পৰা আৰু আন্তৰ্জাতিক খ্য়াতিসম্পন্ন মহিলা বক্সাৰ ওলাই অহাৰ আশা প্ৰকাশ কৰি কয়, "আগন্তুক অলিম্পিকত এগৰাকী লাভলীনাই নহয় আৰু ১০-১৫ গৰাকী লাভলীনা সাজু হৈ উঠক অসমত" ৷

তেওঁ পুনৰ কয়, "এছিয়ান গেমছৰ পিছত মই মাত্ৰ এখন প্ৰতিযোগিতাতহে খেলিছিলো । সেয়ে অনুশীলনত মোৰ ক’ৰবাত হয়তো ভুল হৈ গৈছিল, যাৰ বাবে মই হাৰিবলগীয়া হ'ল । মই কোনো চাপ নোহোৱাকৈয়ে মুকলি মনেৰে খেলিছিলো । যি খেলুৱৈয়ে মোৰ প্ৰতিদ্বন্দ্বী নহওক কিয়, মই প্ৰতিপক্ষক আক্ৰমণ কৰাৰ লক্ষ্যতে অটল আছিলো ।"

উল্লেখ্য যে, এই অনুষ্ঠানটোত লাভলীনা বৰগোঁহাইৰ লগতে অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ উপৰি পূব গুৱাহাটী সমষ্টিৰ বিধায়াক সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে ।

লগতে পঢ়ক:লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান - Paris Olympics 2024

পেৰিছ অলিম্পিক : কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাভলীনা বৰগোহাঁই-নিখাত জাৰীন - Paris Olympics 2024

Last Updated : Aug 14, 2024, 9:31 AM IST

ABOUT THE AUTHOR

...view details