চিৰাং, 16 ফেব্ৰুৱাৰী: চিৰাঙৰ কাজলগাঁৱত বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত এক সজাঁতি দলে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সাক্ষাৎ কৰে । কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক ৷ বি টি আৰত অসমীয়া ভাষাৰ যথাযথ প্ৰয়োগৰ আবেদনৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সৈতে কাজলগাঁৱত এক বৈঠকত মিলিত হয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত অহা এক সজাঁতি দলে । বৈঠকৰ অন্তত অসম সাহিত্য সভাৰ ফালৰ পৰা ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ বিটিচি প্ৰধান প্ৰমোদ বড়োক প্ৰদান কৰে ।
স্মাৰকত উল্লেখ আছে, "বিগত 1 ফেব্ৰুৱাৰী অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ প্রতিনিধি সভাত উত্থাপন হোৱা কেইটামান কথাই অসম সাহিত্য সভাক বাৰুকৈয়ে দুখ দিছে । প্রতিনিধি সভাত প্রতিনিধিয়ে কৰা প্ৰশ্নৰ উত্তৰত জনাওঁ যে বিটিআৰত সম্প্রতি অসম চৰকাৰে প্ৰদান কৰা ৰেচন কার্ডসমূহ বড়ো আৰু অসমীয়া ভাষাত পৃথক পৃথককৈ প্ৰদান কৰা হৈছে । এই কার্যই আমাৰ মাজত থকা সমন্বয়-সম্প্রীতিৰ বাবে এক উদ্বেগজনক বিষয় । সেয়েহে, আমাৰ মাজত সমন্বয়-সম্প্রীতি অটুত ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই কেইটামান বিষয় প্ৰমোদ বড়োৰ জ্ঞাতাৰ্থে আৰু কার্যকৰীকৰণৰ অর্থে স্মাৰকপত্ৰ যোগে উল্লেখ কৰে ।"
স্মাৰকযোগে আৰু কয়, "অসম সাহিত্য সভাই প্রতিটো জনগোষ্ঠীয় ভাষা আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনাই আহিছে । এই ক্ষেত্রত বড়ো ভাষাৰ লগতে বড়ো ভাইসকলৰ সাংস্কৃতিক পৰম্পৰাৰ যথোচিত অগ্রগতি আন্তৰিকতাৰে কামনা কৰে । বিটিআৰত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্রদানৰ ব্যৱস্থা আপোনাৰ দিনত কৰা হওক । বিটিআৰত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ সুনিশ্চিত কৰাটো উচিত । ইয়াৰ জৰিয়তে আমাৰ মাজত সমন্বয়-সম্প্রীতি ভাতৃত্ববোধৰ ভাবধাৰা অটুত থাকিব ।"