ডিফু :স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত পুনৰ সৰৱ হৈছে আঞ্চলিক ৰাজনৈতিক দল এএছডিচি ৷ সংবিধান প্রদত্ত অধিকাৰ লাভৰ বাবে এই দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিচতো লাভ কৰা নাই কোনো সুফল । সেইবাবে এই অধিকাৰ লাভৰ দাবীত পুনৰ আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ।
মঙলবাৰে ডিফুত এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে এএছডিচিয়ে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰৱেশদ্বাৰৰ কাষত এই ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শতাধিক কর্মকর্তাই হাতে হাতে প্লে-কার্ড প্রদর্শন কৰি স্বায়ত্তশাসনৰ দাবী তোলাৰ লগতে বিভিন্ন শ্ল'গান দিয়ে । এই প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকে চৰকাৰক সকীয়াই দিয়ে ।
দলটোৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘১৯৬৯ চনত সংবিধানে পার্বত্য জিলা তিনিখনক সাঙুৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সুবিধা প্রদান কৰিছিল । এয়া আমাৰ সংবিধান প্রদত্ত অধিকাৰ । আমি অসমক দ্বি-খণ্ডিত নকৰি অসমৰ ভিতৰতে সর্বোচ্চ স্বায়ত্তশাসনহে দাবী কৰিছো ।’’