তেজপুৰ, 4 মাৰ্চ : অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাৰ পাক্কে সংৰক্ষিত বনাঞ্চলত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এছিয়াটিক ক'লা ভালুকৰ সংৰক্ষণ কেন্দ্ৰ ৷ বন্যপ্ৰাণী সংস্থা ডব্লিউ টি আই আৰু অৰুণাচল প্ৰদেশ বন বিভাগৰ সহযোগিতাত স্থাপন কৰা হৈছে এই এছিয়াটিক ক'লা ভালুকৰ পুনৰ সংস্থাপন কেন্দ্ৰটো ৷
এই কেন্দ্ৰত বৰ্তমান কৰ্তৃপক্ষৰ তত্বাৱধানত আছে 4 টা এছিয়াটিক ক'লা ভালুক ৷ 2002 চনত স্থাপন কৰা এই পুনৰসংস্থাপন কেন্দ্ৰত যি সমূহ ভালুকৰ পৰিয়াল নাই অথবা কোনো কাৰণত অকলশৰীয়া হৈ যায় তেনে ভালুক উদ্ধাৰ কৰি যত্ন তথা চোৱাচিতাৰ অন্তত সংস্থাপনৰ বাবে পুনৰ অৰণ্যত এৰি দিয়া হ৷ বৰ্তমানলৈকে এই কেন্দ্ৰটোৱে 50 টা এছিয়াটিক ক’লা ভালুক উদ্ধাৰ কৰি পুনৰ অৰণ্যৰ মাজত এৰি দিছে ৷ এই সমূহৰ ভিতৰত সৰহ সংখ্যক ভালুক মাতৃহীন ৷ 2002-03 চনত হিমালয়ৰ পাদদেশত চোৰাং চিকাৰীৰ কবলত পৰা এই ভালুকসমূহ উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰিছে কেন্দ্ৰটোৱে ৷
ইফালে বৰ্তমান কেন্দ্ৰটোত থকা চাৰিটা ভালুক বনাঞ্চলত মুকলি কৰি দিয়া হৈছিল যদিও ভালুককেইটা পুনৰ ঘূৰি আহে ৷ যাৰ বাবে ভালুককেইটাক বৰ্তমান কেন্দ্ৰটোতে ৰখা হৈছে ৷ আনহাতে 2023 চনৰ আগষ্ট মাহত উদ্ধাৰ কৰি অনা এটা এছিয়াটিক ক'লা ভালুক পুনৰসংস্থাপনৰ বাবে কেন্দ্ৰটোৰ পৰা মুকলি কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই পুনৰসংস্থাপন কেন্দ্ৰত বিভাগীয় লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ ৷