নগাঁও/ৰহা: চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰি ভোগালী বিহু উদযাপন কৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া । ইয়াৰ মাজতেই নগাঁৱত ভগৱানৰ ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ ।
বিগত কেইবা বছৰ ধৰি নগাঁৱৰ শিল্পী ভগৱানৰ হাতৰ পৰশত ৰহাৰ আননিশালীৰ পথাৰত যেন প্ৰাণ পাই আহিছে অসমৰ বিভিন্ন ঐতিহাসিক স্থান, প্ৰকৃতি সুৰক্ষা বা বিলুপ্তপ্ৰায় চৰাইৰ বিষয়বস্তুৱে । এই শিল্পীগৰাকী হৈছে নগাঁৱৰ ৰহাৰ ভগৱান সেনাপতি । বিগত প্ৰায় দহ বছৰৰো অধিক সময় ধৰি ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আমনিশালীত ব্যতিক্ৰৰ্মী বিষয়বস্তু লৈ ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী শিল্পীয়ে । প্ৰতিবছৰৰ দৰে এই বছৰো ভোগালী উদযাপনৰ বাবে ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভগৱান সেনাপতিয়ে ।
কি বিষয়বস্তুৱে স্থান পাইছে ভগৱানৰ ভেলাঘৰত ?
প্ৰতি বছৰৰ দৰে এইবাৰো এক আকৰ্ষণীয় বিষয়বস্তু লৈ ৰহাৰ আমনিশালীত ভেলাঘৰ নিৰ্মাণ কৰিছে নগঁঞা শিল্পী ভগৱান সেনাপতিয়ে । তেওঁ অসমৰ বিলুপ্তপ্ৰায় পক্ষীৰ আৰ্হিত এইবেলি ভেলাঘৰ নিৰ্মাণ কৰিছে । এখন গীটাৰ আৰু তাৰ ওপৰত বিলুপ্তপ্ৰায় চৰাই শগুণ, বৰটোকোলা আৰু দেওহাঁহে যেন জীৱন্ত ৰূপ পাইছে ভগৱানৰ হাতৰ পৰশত ! গীটাৰৰ ওপৰতে আশ্ৰয় লৈ থকা অৱস্থাত বিলুপ্তপ্ৰায় শগুণ, বৰটোকোলা আৰু দেওহাঁহৰ আৰ্হিৰে ভোগালীৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে শিল্পীগৰাকীয়ে ।
বিগত বৰ্ষৰ ১৫ ডিচেম্বৰৰ পৰাই ৰহাৰ আমনিশালীত এই ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি কয় শিল্পী ভগৱান সেনাপতিয়ে । প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত ভোগালীৰ প্ৰাকমুহূৰ্তত অৰ্থাৎ শনিবাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় বিলুপ্তপ্ৰায় চৰাইৰ আৰ্হিৰ ভেলাঘৰটোৰ নিৰ্মাণৰ কাম । ভেলাঘৰটো নিৰ্মাণত শিল্পী ভগৱান সেনাপতিক ৬ গৰাকীকৈ লোকে সহযোগ কৰা বুলিও ই টিভি ভাৰতক তেওঁ জানিবলৈ দিয়ে ।
এই ভেলাঘৰটো নিৰ্মাণত প্ৰায় ৭০ হাজাৰ টকা ব্যায় হোৱা বুলি উল্লেখ কৰি শিল্পী ভগৱান সেনাপতিয়ে কয়, "সম্পূৰ্ণ নিজা খৰচত ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভেলাঘৰ নিৰ্মাণ কৰি মই নিজে বহু সুখ অনুভৱ কৰো ।" লগতে বিলুপ্তপ্ৰায় চৰাইৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি শগুণ, বৰটোকোলা আদি বিলুপ্তপ্ৰায় চৰাইৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে আহ্বান জনাই শিল্পীগৰাকীয়ে ।
ভগৱান সেনাপতিৰ ভেলাঘৰক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য :
ৰহাৰ আমনিশালীত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা ব্যতিক্ৰমী তথা আকৰ্ষণীয় ভেলাঘৰ চাবলৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ পৰাই আমনিশালীত ভিৰ কৰিছে বিভিন্নজনে । আনকি ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী লোকে এপলক হ'লেও চাই গৈছে ভগৱান সেনাপতিৰ এই ব্যতিক্ৰমী ভেলাঘৰটো । ভগৱান সেনাপতিৰ এই ভেলাঘৰ চাবলৈ শুক্ৰবাৰে ৰহাৰ আমনিশালীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও । আমনিশালীৰ পথাৰত ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰা গীটাৰ, শগুণ, বৰটোকোলা আৰু দেওহাঁহৰ আৰ্হিৰ ভেলাঘৰ প্ৰত্যক্ষ কৰি শিল্পী ভগৱান সেনাপতিৰ এনে প্ৰচেষ্টাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে ।