অসম

assam

ETV Bharat / state

হাউলীত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন - Artificial Flood In Barpeta - ARTIFICIAL FLOOD IN BARPETA

Artificial Flood : কৃত্ৰিম বানৰ কবলত হাউলী । বিদ্যালয়ৰ লগতে বুৰ গৈছে বাসগৃহ । নিজ গৃহ এৰি অন্য়স্থানত আশ্ৰয় ভুক্তভোগীৰ ।

Artificial Flood in Assam
কৃত্ৰিম বানৰ কবলত হাউলী (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 5:16 PM IST

বৰপেটা, ১৬ জুন: বৰপেটা জিলাৰ হাউলীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে । বিগত কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ সৃষ্টি হৈছে এই জটিল পৰিস্থিতিৰ । কৃত্ৰিম বানত ইতিমধ্য়ে হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শ্ৰেণীকোঠা, কাৰ্যালয় কক্ষ বুৰ গৈছে । তদুপৰি হাউলী পৌৰসভাৰ অধীনৰ প্ৰধানকৈ আঠ, ন আৰু দহ নম্বৰ ৱাৰ্ডৰ কেইবাহাজাৰ বাসিন্দাৰ স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে । অসহায় হৈ পৰিছে সাধাৰণ জনতা ।

কৃত্ৰিম বানৰ কবলত হাউলী (ETV BHARAT ASSAM)

কৃত্ৰিম বানত বহু পৰিয়ালৰ ঘৰৰ মজিয়া একাঁঠু পৰ্যন্ত পানীত বুৰ গৈছে । এনেদৰে বাট-পথ, চোতাল, ঘৰ সকলো পানীৰে একাকাৰ হৈ পৰাত বহু পৰিয়ালে আত্মীয়-স্বজন অথবা আন কোনো স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । এই সন্দৰ্ভত স্থানীয় লোকে অভিযোগ কৰি কয় যে, কৃত্ৰিম বানৰ সমস্যা হাউলীত দীৰ্ঘদিনৰ পৰা চলি আহিছে । এইবাৰ সমস্যাটো অধিক জটিল হৈছে ।‌

ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ এই সমস্যাটো সমাধানৰ বাবে হাউলী পৌৰসভাকে ধৰি সংশ্লিষ্ট সকলো পক্ষই গুৰুত্ব প্ৰদান কৰা নাই । পানী ওলাই যোৱা নলা নিৰ্মাণ নকৰাত পানী জমা হৈ থাকে । ইয়াৰ পৰিণাম সাধাৰণ জনতাই ভূগিব লাগে ।

হাউলী পৌৰসভাৰ ন নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ বিনয় ঘোষেও হাউলীত কৃত্ৰিম বানে দীৰ্ঘদিনৰ পৰা সমস্যাৰ সৃষ্টি কৰি অহা বুলি মন্তব্য কৰে । ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ বিনয় ঘোষে কয় যে, য'তে ত'তে ঘৰ নিৰ্মাণ কৰাৰ ফলতেই এই সমস্য়াই জটিল ৰূপ ধাৰণ কৰিছে ।

লগতে পঢ়ক:আগিয়াত কৃত্ৰিম বানত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত : এসপ্তাহে বন্ধ শিক্ষানুষ্ঠান - Artificial Flood In Goalpara

এজাক বৰষুণতে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ, যাত্ৰীৰ হাহাকাৰ - Artificial Flood

নৈপৰীয়া নহ’লেও বানৰ কবলত সৰ্বসাধাৰণ - Artificial Flood

ABOUT THE AUTHOR

...view details