সৰুপথাৰ, 21 এপ্ৰিল :ৰাজ্যবাসীৰ বাবে এইবেলি বিশেষ হৈ পৰিছে ব’হাগ মাহ ৷ কিয়নো প্ৰাণৰ আপোন ৰঙালী বিহুটিৰ সমান্তৰালকৈ পৰিছে লোকসভা নিৰ্বাচনৰ দিন ৷ তাৰ মাজতে কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে সৰুপথাৰবাসীক ৷ সৰুপথাৰৰ কেইবাটাও অঞ্চলত বিগত কেইবাদিনৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলতে বাট-পথ পানীৰে উপচি পৰে ৷
আনকি, বহু লোকে এনে প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ সমীপৰে বৈ যোৱা এখন জানৰ বাবেই এই পৰিৱেশ সৃষ্টি হোৱা বুলি অঞ্চলবাসীয়ে দাবী কৰে ৷ সৰুপথাৰৰ টেঙাহোলা, গোঁহাইগাঁও হৈ উৰিয়ামঘাট সংযোগী পথ, দয়ানন্দ বিদ্যা নিকেতন, সৰুপথাৰ মহাবিদ্যালয়, শ্বহীদ কুশল কোঁৱৰ বালিকা কণিষ্ঠ মহাবিদ্যালয়লৈ যোৱা পথসমূহো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সাধাৰণ জনতাৰ লগতে শিক্ষাৰ্থীসকলেও পানীৰ মাজেৰেই বিদ্যালয়-মহাবিদ্যালয়লৈ যাব লগা পৰিস্থিতি উদ্ভৱ হৈছে ৷