গুৱাহাটী : আপুনি নিজৰ পচন্দৰ ফ্লেট ক্ৰয় কৰিব বিচাৰে নেকি ? যদি ইচ্ছা থকাৰ পিছতো অৰ্থৰ অভাৱত বা ঋণৰ সমস্য়াৰ বাবে ফ্লেট ক্ৰয় কৰিব পৰা নাই তেতিয়াহ'লে চিন্তা নকৰিব । কাৰণ এনে সমস্য়া সমাধানৰ বাবে আগবাঢ়ি আহিছে 'আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেল'পাৰ্ছ এছ'চিয়েশ্যন' চমুকৈ 'এৰিডা'। কেনেকৈ আপুনি ফ্লেট ক্ৰয় কৰিব পাৰিব সেই বিষয়ে ব্য়াখ্য়া আগবঢ়াইছে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই ।
এৰিডা ৰিয়েল ইষ্টেট এক্সপ' :
সংবাদমেলত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মা (ETV Bharat Assam) গুৱাহাটীত 'এৰিডা'ই ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে "এৰিডা ৰিয়েল ইষ্টেট এক্সপ'ৰ (AREIDA Real Estate Expo)" আয়োজন কৰিছে । গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই এক্সপ'ৰ আয়োজন কৰা হৈছে । এখন সংবাদমেলত এই কথা সদৰী কৰি 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয়," এই এক্সপ'ৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃতৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব । লগতে নিৰ্মাণখণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ'ব পাৰিব ।"
বেংকৰ গৃহ ঋণৰ সুবিধা :
তেওঁ পুনৰ কয়,"এই এক্সপ'ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব । তদুপৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পৰ্কে অৱগত হ'ব পাৰিব । আনকি এই এক্সপ'তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । আনহাতে, ক্ৰেতা-বিক্ৰেতাই ইয়াৰ যোগেদি ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব । বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ'ব । তদুপৰি এই মেলাৰ বিপণিসমূহৰ যোগেদি সম্পত্তি ক্ৰয় কৰিব বিচৰাসকলে ৰিয়েল ইষ্টেট খণ্ডৰ আইনী দিশ তথা অধিকাৰ সম্পৰ্কে জানিব পাৰিব ।"
বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিং :
ক্ৰেতা-বিক্ৰেতাৰ সুবিধা সন্দৰ্ভত মন্তব্য় কৰি সভাপতিগৰাকীয়ে পুনৰ কয়, "এই মেলা ক্ৰেতা-বিক্ৰেতাৰ মাজৰ এক সুন্দৰ মঞ্চ হ'ব । ইফালে এই এক্সপ'ত বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা থাকিব । এই মেলা সম্পত্তি বুক কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ হ'ব । কিয়নো এই মেলাত এক্সপ' ৰেহাই আগবঢ়োৱা হ'ব । সুৰক্ষিত B2B অংশীদাৰীত্বৰ লগতে গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো এই এক্সপ'ৰ এক বিশেষ বৈশিষ্ট্য ।" সংবাদমেলত এৰিডা'ৰ সভাপতি পি কে শৰ্মাৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।