চামগুৰি, ২৮ জুলাই :নগাঁও জিলাৰ ৰূপহীহাটৰ ঘেহুৱা চলচলিত বিদ্যুৎ সংযোগ কৰ্তনক কেন্দ্ৰ কৰি শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিদ্যুৎ মিটাৰৰ বাহিৰেৰে বিদ্যুৎ সংযোগ কৰাৰ অভিযোগত বিদ্যুৎ কৰ্তন কৰাৰ চেষ্টা চলোৱাৰ সময়তেই আক্ৰমণৰ বলি হয় অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এটা দল ।
এ পি ডি চি এলৰ তিনি কৰ্মচাৰী আহত :
চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ এটা দলে ঘেঁহুৱা চলচলিৰ এটা পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰাৰ সময়তেই দলটোক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই আক্ৰমণত এপিডিচিএলৰ তিনিজনকৈ কৰ্মচাৰী আহত হয় । আক্ৰমণত আহত হয় চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ সহকাৰী পৰিচালক কৌশিক ভূঞা, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বাহাৰুল ইছলাম আৰু দীপজ্যোতি বৰা । তদুপৰি এপিডিচিএলৰ দলটোৱে লৈ যোৱা AS 21 E1499 নম্বৰৰ বাহন এখনৰো ক্ষতিসাধন কৰে উত্তেজিত ৰাইজে ।
ঘেহুৱা চলচলিৰ ছহিদুল ইছলামৰ ঘৰত মিটাৰৰ বাহিৰেৰে গোপনে বিদ্যুৎ সংযোগ কৰি ব্যৱহাৰ কৰাৰ অভিযোগত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দলটোৱে অভিযান চলাবলৈ যাওঁতেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে বিভাগীয় লোকে।