বৰপেটাৰোড, 29 ফেব্ৰুৱাৰী : "মই আপোনালোকক আগতেই কৈছো, কংগ্ৰেছৰ কোনো নেতাক ৰাইজে বিশ্বাস নকৰিব ৷ যিসকল কংগ্ৰেছী নেতাই সংবাদমাধ্যমৰ আগত বেছি কথা কয় তেওঁলোকৰে বিজেপিৰ সৈতে সম্পৰ্ক ভাল ৷ তেওঁলোকে আটাইতকৈ আগতেই বিজেপিত যোগদান কৰিব ৷ কংগ্ৰেছৰ কেইজনমান বিধায়কহে থাকিব ৷ তেওঁলোক সকলোৱে মোৰ লগতেই ডাঙৰ হৈছে ৷ কৰিশ্মা মোদী ডাঙৰীয়াৰ, মোৰ লগত ব্যক্তিগত সম্পৰ্ক ৷" বৃহস্পতিবাৰে বৰপেটাৰোডৰ ৰে‘লৱে উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
বৰপেটাৰোডৰ ৰে’ল লাইনৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ যাতায়তৰ বাবে দীৰ্ঘদিনৰে পৰা জলাকলা খাই অহা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ল বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সৰ্বমুঠ 43 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বৰপেটাৰোডৰ ৰে’লৱে উৰণ সেতুখন ৷ আনহাতে সমগ্ৰ বৰপেটা জিলাৰ বাবে সৰ্বমুঠ 624 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কেবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷