অসম

assam

ETV Bharat / state

ধলাইত বিজেপিৰ বাংলাদেশী প্ৰাৰ্থী ! মুখ্য়মন্ত্ৰীৰ পৰা উত্তৰ লাগে ভূপেন বৰাক - ASSAM BY POLLS 2024

ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰৰঞ্জন দাস বাংলাদেশী ! অমিয়কান্তি দাসৰ অভিযোগ সম্পৰ্কে মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ দাবী ভূপেন বৰাৰ ৷

ASSAM BY POLLS 2024
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (@BhupenKBorah)

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 9:06 PM IST

গুৱাহাটী: “বিজেপিয়ে ধলাই সমষ্টিত বাংলাদেশীক প্ৰাৰ্থিত্ব দিছে কিয় ? এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই অসমৰ ৰাইজৰ ওচৰত স্থিতি স্পষ্ট কৰক ।” বৰাকৰ ধলাই সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তে দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷

ভূপেন বৰাৰ মুকলি অভিযোগ, “বিজেপিয়ে অসমত এতিয়া বহিৰাগত বাংলাদেশীক প্ৰাৰ্থিত্ব দিবলগীয়া হৈছে । অথচ বাংলাদেশীক খেদিবৰ বাবে অসমত ৬ বছৰকৈ আন্দোলন হৈছিল আৰু ৮৫৫ জন লোক শ্বহীদ হৈছিল । অসম চুক্তিৰ পাছত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও স্পষ্ট নিৰ্দেশনা দিছে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা লোকক বিদেশী গণ্য কৰা হ’ব আৰু ভিত্তি বছৰৰ নিৰ্দিষ্ট চন-তাৰিখৰ পাছত অহা কোনো লোকক ভাৰতীয় নাগৰিকত্ব দিয়া নহ’ব ।”

প্ৰদেশ কগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয়, “বিজেপিৰ জ্যেষ্ঠ নেতা অমিয়কান্তি দাস কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি আৰু ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল । এইজন নেতা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু প্ৰায়ে টেলিফোনত বাৰ্তালাপ কৰি থাকে । এনে এজন বিজেপিত গুৰুত্বপূৰ্ণ পদবীত থকা লোকে নিহাৰৰঞ্জন দাস বাংলাদেশী বুলি ৰাজহুৱাকৈ অভিযোগ কৰিছে । কি পৰিস্থিতিত অসম চুক্তিক পুনৰ ভৰিৰে মোহাৰি এজন বাংলাদেশী লোকক ধলাই সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেই কথা অসমৰ ৰাইজক নজনোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নোৱাৰে ।”

নিহাৰৰঞ্জন দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক অসমৰ ৰাইজৰ আগত স্থিতি স্পষ্ট কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনোৱা আহ্বান মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কিদৰে লয় সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক:জয়ন্ত মল্লবৰুৱাই ললিপপ খুৱালে নেকি অমিয় কান্তি দাসক ?

মনোনয়ন প্ৰত্যাহাৰৰ বাবে অমিয় কান্তি দাসক বিজেপিয়ে দিলে নেকি ডাঙৰ টোপ !

ABOUT THE AUTHOR

...view details