গুৱাহাটী : বিয়াগোম কেলেংকাৰিত অভিযুক্ত বৃহৎ উদ্যোগপতি গৌতম আদানীৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে থকা গোপন সম্পৰ্কৰ যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি যুটীয়া সংসদীয় কমিটীৰ তদন্ত লগতে গৌতম আদানীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
অসমত গৌতম আদানীৰ দুটা বৃহৎ কেলেংকাৰি হোৱাৰ কথা সদৰী কৰি ভূপেন বৰাই কয়, "আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গৌতম আদানীক দুই হাজাৰ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত কৰিছে । আনহাতে উচ্চতম ন্যায়ালয়েও গৌতম আদানীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে । কিন্তু ইয়াৰ পাছতো মুকলি আকাশৰ তলত আছে গৌতম আদানী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হোৱা নাই ।’’
‘‘আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে । সৌৰশক্তি বিক্ৰী কৰিবৰ বাবে গৌতম আদানীয়ে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বিষয়াসকলক ২০০০ কোটি টকা ঘোচ দিছিল ।’’ বৰাই কয় ৷
‘‘চৰকাৰৰ আদানীৰে প্ৰত্যক্ষ লেন-দেন থকা বাবেই এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । আদানীৰ টকাৰেই বিজেপিয়ে বেলেগ বেলেগ ৰাজ্যত চৰকাৰ ভঙা পতা কৰে তথা নিৰ্বাচনত ব্যয় কৰে ।" তেওঁ কয় ৷
গৌতম আদানীৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী । এইগৰাকী মুখ্যমন্ত্ৰীৰ মৰিচাচৰ 'এজিউৰ' কোম্পানীৰে সম্পৰ্ক আছে আৰু ইয়াৰ আঁৰৰ মানুহজন হৈছে গৌতম আদানী । অসমত এজিউৰ গ্ৰুপে ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে ।’’