অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

মাজুলীৰ মানুহ মদাহী ! সাংবাদিকক নীতি শিক্ষা দি বিপদত আবকাৰী পৰিদৰ্শক - Majuli liquor controversy

Excise inspector insults people of Majuli: সুৰাৰ বাতৰি পৰিবেশন কৰি আবকাৰী বিষয়াৰ ৰোষৰ বলি হ’ল এগৰাকী সাংবাদিক ৷ ফোনযোগে সাংবাদিকজনক ককৰ্থনা কৰাৰ অভিযোগ ৷ মাজুলীৰ মানুহ সন্দৰ্ভতো শ্ৰুতিকটু মন্তব্য কৰাৰ অভিযোগ আবকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ কি কৈছিল বিষয়াজনে চাওক সবিশেষ-

Excise inspector insults people of Majuli
আবকাৰী বিষয়াৰ ৰোষৰ বলি সাংবাদিক (ETV Bharat)

মাজুলী, 23 ছেপ্টেম্বৰ: এটা টেলিফোনিক বাৰ্তালাপে তোলপাৰ লগাইছে সত্ৰপীঠ মাজুলীত ৷ এগৰাকী আবকাৰী বিষয়া আৰু এজন সাংবাদিকৰ টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতেই এতিয়া মাজুলীৰ সাংবাদিকসকল ক্ষোভিত হৈ পৰা দেখা গৈছে ৷ প্ৰায় 38 মিনিটৰ ৰেকৰ্ডিঙটোৰ কিয়দাংশহে আমি এই প্ৰতিবেদনত আপোনালোকলৈ আগবঢ়াইছো ৷

এগৰাকী আবকাৰী পৰিদৰ্শকে এটা বাতৰিৰ সংক্ৰান্তত এজন সাংবাদিকক কটাক্ষ কৰাৰ লগতে মাজুলীৰ একাংশ লোকৰ সন্দৰ্ভতো কটু মন্তব্য কৰা বুলি অভিযোগ উঠিছে ৷ সাংবাদিকজনক নিজৰ বুমটো জ্বলাই দিবলৈ কোৱা আবকাৰী বিষয়াগৰাকীয়ে ফোনকলত কেবাটাও চাঞ্চল্যকৰ মন্তব্য কৰিছে ৷

আবকাৰী বিষয়াৰ ৰোষৰ বলি সাংবাদিক (ETV Bharat)

দৰাচলতে যোৱা 21 ছেপ্টেম্বৰত মাজুলীৰ গড়মূৰ আৰক্ষীয়ে পাঁচ কাৰ্টন বিলাতী সুৰাসহ দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰে ৷ এই সংক্ৰান্তত মাজুলীৰ এজন স্থানীয় সাংবাদিকে মাজুলীৰ আবকাৰী বিভাগৰ ভূমিকা সন্দৰ্ভত এটা বাতৰি পৰিবেশন কৰে ৷ তাৰ পিছতেই আবকাৰী পৰিদৰ্শক জ্ঞানজ্যোতি ডেকাই ফোনযোগে সাংবাদিকজনক কিয় বাতৰি কৰা হ’ল বুলি প্ৰশ্ন কৰাৰ লগতে বিভিন্ন ধৰণে সমালোচনা কৰাৰ অভিযোগ উঠিছে ৷

ফোনত কি কৈছিল আবকাৰী বিষয়া জ্ঞানজ্যোতি ডেকাই ?

ফোনকলটোত আবকাৰী বিষয়া ডেকাইকোৱা কথাখিনি আছিল এনেধৰণৰ-

‘‘ৰাতি হ’লে মদটো আৰু ইফালে পইচা-পাতিৰ খেল আপোনালোকৰ ৷ মোক আপোনালোকৰ মানুহে পইচা খুজিছে ৷ মানুহে আহি মোক কৈছে বটল দুটা দি দিয়ক মেনেজ হৈ যাব ৷ নিউজটো কেনেকৈ বাজিলে মোক সেইটো কওক ৷ আপোনালোকৰ এইবিলাক নিউজে একো প্ৰভাৱ পেলাব নোৱাৰে ৷ কোনোবাই ক’ৰবাত কৈছে, বিয়নীমেল এখনত শুনি আহি বাতৰি কৰা আপোনাৰ একো যোগ্যতাই নাই ৷ তেনেকুৱা সাংবাদিক বহুত ডীল কৰিছো ইয়াত অহাৰ পিছত ৷

কাইলৈ যদি ডিচি ছাৰে মোক সোধে মই আপোনাৰ নামসহ ক’ম ৷ মোক একো কৰিব নোৱাৰে আপুনি, এক্সাইজ ইঞ্চপেক্টৰ বহুত বেলেগ বস্তু ৷ মোৰ দেউতাও সাংবাদিক আছিল ৷ মই জাৰ্নেলিজিমো জানো, এডমিনিষ্ট্ৰেশ্যনো জানো ৷ এনেকুৱা নিউজত চিঙৰা খাওঁ মই ৷

ভাওনাৰ মানুহে মোক ৰাতি ফোন কৰি কয় - ছাৰ মদ দিব পাৰিব নেকি ? তোমালোকৰ অংক বেলেগ ৷ পাঁচ কেচ মাল ধৰিছে পুলিচে তোমালোকে কৈছা বৃহৎ অংকৰ ৷ জুলাই মাহত মই 20 কেছ মাল ধৰিছো ৷ নাজানা যদি এইবিলাক বুম জ্বলাই দিয়া ৷ কোনো কাম নাই তোমালোকৰ ৷ নিউজ বজাইছা নহয়, অফিচিয়েলী এপ’ল’জী দিয়া মোক ৷ এক্সন ৰিপ’ৰ্ট আহিলে তোমাৰ নামে সৈতে লিখিম মই ৷ এইবোৰ ভণ্ডামি মোৰ লগত নহয় ৷

মাজুলীৰ কোনজন মানুহে কোনখন দোকানৰ পৰা কেতিয়া মদ কিনিব যায় সেইবোৰ জানো মই ৷ অফিচিয়েল পোষ্টত আছো কাৰণে ঠাণ্ডা হৈ আছো মই ৷ মাজুলীৰ মানুহেই মদ খাই, সেইটো কিয় মানি ল’ব নোখোঁজা তুমি ? মাজুলীৰ মানুহ মদাহী হয়, মাজুলীৰ মানুহে মদ খায়, সেইটো কথা মানি লোৱা ৷’’

ইফালে, এই ঘটনাৰ পিছতে সোমবাৰে দিনত আবকাৰী বিষয়াৰ কাৰ্যালয়ত সাংবাদিকৰ দল উপস্থিত হৈ কোন সাংবাদিকে মদ বিচাৰে সেই সন্দৰ্ভত বিষয়াজনৰ পৰা তথ্য বিচাৰে যদিও তেওঁ তথ্য দিবলৈ ব্যৰ্থ হয় ৷ আনহাতে কাৰ্যালয়ত দেৰিকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে আবকাৰী বিষয়া আৰু তেওঁৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ সাংবাদিকৰ উপস্থিতিত বিষয়াজনে মাজুলীৰ মানুহৰ সন্দৰ্ভত টানকৈ কোৱা বুলি উল্লেখ কৰি ইয়াৰ বাবে ক্ষমা বিচৰা বুলি কয় ৷ এই ঘটনাক লৈ মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে পঢ়ক:ডুমডুমাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ - Arunachal liquor seized

কোন সঁচা কোন মিচা ? অবৈধ সুৰা ব্যৱসায়ী আৰু আৱকাৰী বিষয়াৰ অভিযোগ-প্ৰতিঅভিযোগ - Arunachal liquor seized in Jonai

ABOUT THE AUTHOR

...view details