আমগুৰি, ২৮ আগষ্ট :এনেদৰেই এদিন অসমভূমিত এখন বজাৰ হ’ব, য’ত থাকিব কেৱল খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব ৷ কেৱল সামাজিক মাধ্যম, ভাষণত অনুপ্ৰেৰণামূলক বক্তব্য নহয়; হাতে-কামে আগবাঢ়িব প্ৰতিগৰাকী অসমীয়া ৷ আনে কৰিব বুলি হাত সাৱটি বহি নাথাকিব অসমীয়া ডেকা ৷ এনে এখন সপোনৰ অসম সন্মুখত লৈ ওলাই আহিছে আমগুৰিৰ পল্লৱজ্যোতি গগৈ ৷ নিজ ঘৰৰ পৰা পাচলি চিঙি আনি পথৰ দাঁতিত বিক্ৰীৰ বাবে বহি উলিয়াই অনাৰ চেষ্টা কৰিছে ঘৰত বহি থকাসকলক ৷
এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি...
উদাহৰণ হৈ ওলাই আহিছে আমগুৰিৰ উচ্চশিক্ষিত যুৱক পল্লৱজ্যোতি গগৈ ৷ এটোপ-দুটোপ ডাৱৰৰ পানীৰে বহল সাগৰ ভৰি পৰাৰ দৰেই পল্লৱজ্যোতিৰ দৰে ইজনৰ পিছত যেন ওলাই আহিব অসমীয়া যুৱক-যুৱতী ৷ সেই সপোন আছে ‘পোহৰ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালকগৰাকীৰ ৷ শিক্ষিত যুৱকজনে সম্ভাৱনাৰ পাঠ পঢ়ুৱাইছে আনে দিব, আনে কৰিব বুলি হাত সাৱটি বহি থকা অসমীয়া যুৱক-যুৱতীক ৷ সেই পাঠত অন্তৰ্ভুক্ত হৈ আছে লাজ, সংকোচ অথবা তেনে নেতিবাচক চিন্তাবিহীন বহু কথা ৷
সকলো আছিল, সকলো আছে, নুবুজোঁ নলওঁ গম :
কি নাছিল অসমীয়াৰ ? অথবা কি নাই অসমৰ ? সকলো আছিল আৰু সকলো এতিয়াও আছে ৷ কেৱল বুজ লোৱা নহয় ৷ সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিছে আমগুৰিৰ শিক্ষিত যুৱক পল্লৱজ্যোতি গগৈয়ে ৷ তেওঁ কয়, ‘‘আমাৰ মানুহৰ ঘৰত খেতি-বাতি অথবা মাছ নাইকিয়া হোৱা নাই ৷ কিন্তু আমি মানুহ বিলাক ব্ৰইলাৰ মুৰ্গীৰ দৰে শিথিল হৈ পৰিলো ৷ মই ঘৰৰ পৰা চিঙি আনিছো অমিতা, নেমুটেঙা, কেৰেলা আদি ৷ এইসমূহ মোৰ ঘৰতে ওলাইছে, এইবোৰ ঘৰত নষ্ট হৈ গৈছিল ৷ যাৰ যাৰ ঘৰত প্ৰয়োজনত অধিক শাক-পাচলি আছে, বজাৰলৈ লৈ আনিব লাগে ৷ ইয়াৰ জৰিয়তে আমাৰ বজাৰ, অৰ্থনীতি নিজৰ হাতলৈ আনিব লাগে ৷ আমাৰ উৎপাদন আছে, কিন্তু বজাৰলৈ লৈ ননালৈকে আমি স্বাৱলম্বী হ’ব নোৱাৰিম ৷’’